অভিজিত কলিতা
(NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা অনুষ্ঠিত২০১১ চনৰ ছুটী গল্প প্ৰতিযোগীতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত )
হঠাতে তেজ এসোঁতা মূৰলৈ উজাই যোৱা যেন লাগিল শ্যামলীৰ | কাণ দুখন গৰম গৰম হৈ গ’ল, নাকৰ পাহিত এটোপ ঘাম বিৰিঙি উঠা যেনো লাগি্ল তাইৰ | নপঢ়ো নপঢ়ো বুলি ভাবিও, চাবি দিয়া পুতলাৰ দৰে তাই বাতৰিটো পঢ়িব ধৰিলে | কাকত খনৰ দ্বিতীয় পৃষ্ঠাত চপা হৈছে খবৰটো, ছবিৰে সৈতে| “ কাজিৰঙাৰ বিলাসী ৰিজৰ্টত কম বয়সীয়া ছোৱালীৰ স’তে ধৃত ভাৰত চৰকাৰৰ উচ্চ পদস্থ বিষয়া” | লগতে প্লাবনৰ ছবি, দুজন পুলিচে দুফালৰ পৰা ধৰি আছে| সি ৰুমালেৰে মুখখন লুকুৱাবৰ চেষ্টা কৰিছিল ছাগে | পুলিচ এজনে জোৰকৈ মুখ খন উলিয়াই দিছে| মুখ খন ঢাকি থাকিলেও তাই তাক ঠিকেই চিনি পালেহেঁতেন | তেনেকুৱা উজ্জল চকু তাৰ বাদে আৰু আন কাৰ থাকিব পাৰে| অলপ বয়সৰ চাপ পৰিছে , কিন্তু একেই আছে সেই বুদ্ধিদীপ্ত চকু, ৰ’দত জিলিকি থকা তাৰ শুভ্ৰ মুখ, তাৰ জোখতকৈ অলপ বেছি পুৰুষ পুৰুষ লগা ব্যক্তিত্ব | সাংবাদিক জনে বৰ আবেগিক বাবে ৰিপৰ্টিং কৰিছে- শ্যামলীয়ে পঢ়িবৰ চেষ্টা কৰিলে “ এই বিলাসী ৰিজৰ্টখনত বিষয়া জনে আগতে বহুবাৰ এনে কাৰ্য্যত লিপ্ত হোৱা স্থানীয় লোকৰ চকুত পৰিছিল| এইবাৰ তেঁও তাত সোমাওতে ওচৰৰ ৰাইজে ৰিজৰ্ট খন বেৰি ধৰে আৰু তেওক ওলাই আহিবলৈ বাধ্য কৰে| তেঁও সেই সময়ত সম্পুৰ্ণ সুৰামত্ত অবস্থাত আছিল , আৰু তেঁও ৰাইজক অশ্লীল ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰে | লগে লগে ৰাইজ উত্তেজিত হৈ তেওক লপা থপা দিয়াৰ লগতে ৰিজৰ্ট খনৰো যঠেষ্ট ক্ষতিসাধন কৰে| ইতিমধ্যে ৰাইজে পুলিচক খবৰ দিয়াত পুলিচে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শ্ৰীপ্লাবন বৰঠাকুৰক জেল হাজোতলৈ প্ৰৰণ কৰে| উল্লেখযোগ্য যে, লগত উদ্ধাৰ হোৱা ছোৱালী জনী এটি দুখীয়া পৰিয়ালৰ আৰু তাতোতকৈ তাৎপৰ্য্যপুৰ্ণ কথা যে ছোৱালীজনী আপ্ৰাপ্তবয়স্ক; অবশ্যে পুলিচে ছোৱলীজনীকো নিজৰ জিম্মাত লয়|” শ্যামলীৰ ওকালি অহা যেন লাগিল | ছি: | যেনেতেনে তাই বাতৰিতোৰ পিছৰ অংশ পঢ়াৰ চেষ্টা কৰিলে | “ পুলিচে ইতিমধ্যে অনুসন্ধান কৰি, ছোৱালী জনীক যোগাৰ কৰি দিয়াৰ অভিযোগত গুৱাহাটীৰ মন্মথ ডেকা নামৰ এজন ঠিকাদাৰকো গ্ৰেপ্তাৰ কৰে| পুলিচৰ জেৰাত সকলো কথা স্বীকাৰ কৰি মন্মথ ডেকাই কয় যে ‘ তেও এই বিভাগটোৰ এজন ঠিকাদাৰ হিচাপে কাম পাবৰ কাৰণে ছোৱা্লী জনী যোগাৰ কৰি দিয়াতো সত্য| তেও আৰু কয় যে শ্ৰীবৰঠাকুৰৰ লগত কাম টো দিয়াৰ বিনিময়ত এনেকুৱা সুবিধা দিব লাগিব বুলি আগৰ পৰাই বুজাপৰা আছিল| তেও আগতেও বহুবাৰ শ্ৰীবৰঠাকুৰক এনে কাম কৰি দিছে বুলিও ডেকাই নিজৰ স্বীকাৰোক্তিত কয়|” আৰু পঢ়িব নোৱাৰিলে তাই ,তাৰ মানে সি সদায়? কিয় এনে কৰিলে সি? দুয়ুহাতেৰে মুৰতো খামুছি , স্থানুৰ দৰে বহি ৰ’ল শ্যামলী|






