Friday, 3 February 2012

পুতলা নাচ

-পল্লৱী বৰদলৈ-
(NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা অনুষ্ঠিত ২০১১ চনৰ  ছুটী গল্প প্ৰতিযোগীতাত তৃতীয় পুৰস্কাৰ প্ৰাপ্ত )         







                                      ৰমাকান্ত শইকীয়া ৷  গাওঁখনত মানুহজন সকলোৰে পৰিচিত আৰু  সকলোৱে   তেখেতক, তেখেতৰ সহজ – সৰল     স্বভাবৰ বাবেই ভাল পায় ৷ ৰমাকান্তৰ পত্নী সুবৰ্ন প্ৰভা  তৃতীয় বাৰলৈ গৰ্ভাৱতী  হোৱাৰ কথা জানিব পাৰি এদিন থোৰতে ক’লে, বুজিছা এইবাৰ মই ছোৱালী এটিহে বিচাৰো, পুন্যলৈ ল’ৰা দু্টা আছে যেতিয়া দানৰ  সুযোগটিনো  এৰো  কেলেই হে ? 
     
     এদিন সঁচাকৈয়ে ৰামাকান্ত আৰু সুবৰ্ন প্ৰভাৰ কোলালৈ এটি কন্যা আহিল ৷ পূৰ্ণিমাৰ পুৰঠ জোনটোৰ দৰে মূখখনিৰ কেঁছুৱাটি কোলাত লৈয়ে ৰমাকান্তই নাম থলে ‘পুতলা ৷সঁচাকৈয়ে পুতলা যেন কোনোৱা শিল্পীৰ নিখুট সৃষ্টি ৷

    লাহে লাহে পুতলা ডাঙৰ পুতলাই গাত চাদৰ মেৰিওৱাৰ আগতেই মাক সুবৰ্ন প্ৰভাৰ দুৰাৰোগ্য ৰোগত মৃতু হয় মাক নাইকীয়া ছোৱালীজনী মেট্ৰিক দেওনা পাৰ হোৱাৰ পাছত দেউতাকে আৰু দূৰৈত পঢ়াবলৈ  মন নকৰিলে ৷ পুৰণা চিন্তাধাৰাৰে পৰিপুষ্ট ৰমাকান্তই ছোৱালীটিক ঘৰুৱা কাম বন শিকাবলৈহে কনপেহীক সকিয়নি দিলে কনপেহী  মানে ৰমাকান্তৰ আবিয়ৈ ভনীয়েক ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে তেওঁক কনপেহী বুলিয়ে মাতে মাক নাইকীয়া ৰা ছোৱালী কেইটাক মাকৰ অভাৱ নোহোৱাকৈ ৰাখিছে  কনপেহীয়ে




   এদিন , পুতলাৰ জীৱনৰ বিশটা বসন্ত পাৰ ওঁতেই ৰমাকান্তই ছোৱালীটিৰ    বিয়াৰ যো যা চলাইছিল চুবুৰীয়া গাঁৱৰ ৰা অমৰেন্দ্ৰ কলিতাৰ লগত ৷চাকৰী হিচাপে অমৰেন্দ্ৰই ভাৰতীয় সৈন্য বাহিনীত যোগ দিছিল কেইবছৰ মানৰ আগতে ঘৰলৈ অহাৰ চুটী মাত্ৰ এবাৰ গতিকে বিয়াখন বৰ খৰ খেদাকৈয়ে

    নতুন জী জোঁৱাইয়ে আঠদিনৰ দিনা আঠমঙলা খোৱা নিয়মটো হৈ যোৱাৰ পিছদিনাই আহিল এটি চৰকাৰী খবৰ সীমান্তত যুদ্ধ লাগিছে , গতিকে অমৰে চাকৰিত যোগ দিব লাগে, মাত্ৰ তিনিদিনৰ ভিতৰত                                                                                           পৰহিলৈ পুৱাতেই অমৰ যাবগৈ পুতলাই একো বুজিব পৰা নাই এই সময়ত তাই দুখ কৰিব নে , সাহসী নাৰীৰ দৰে স্বামীক যুদ্ধলৈ পথিয়াব , এইবোৰ কথা বুজিব পৰাকৈ তাইৰ জ্ঞান বা অভিজ্ঞতা একোৱেই হোৱা নাই মাত্ৰ দহটা দিন অমৰৰ লগত থকাৰ পাছত , এঘাৰ দিনৰ দিনা পুৱাতেই অমৰ ৰাওনা হৈছিল কম্মক্ষেত্ৰ লৈ, তাৰ পৰা সতীথৰ সৈতে যাব লাগিব ৰণক্ষেত্ৰ কাগিললৈ পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়াইও বিদায় দিলেহি অমৰক আৰু পুতলা ? কেনেকৈ চকুলো সম্বৰন কৰে পুতলাই ? তথাপিও মেধে ঢকা জোনটোৰ দৰেই পুতলাই সকলোৰে লগত সহজ হবলৈ চেষ্টা কৰিছিল কেতিয়াবা মনে মনে আঁৰ লৈ উচুপি উঠিছিল ৷ 

   কাৰ্গিলত ভাৰত আৰু  পাকিস্তানৰ    মাজত তুমুল যুদ্ধ ৰেডিঅআৰু টি ভিৰ ওচৰত জুম পুতলাৰ কিন্ত সেই বোৰলৈ ভুক্ষেপ নাই ৷জিককেই বা হাৰকেই মানুহজন যেন নিৰাপদে ঘৰলৈ উভতি আহে ৷ 

   এদিন , যুদ্ধৰ অন্ত পৰিল সগৌৰৱে ভাৰতীয়  সেনা নিজ নিজ ঘৰল উভতি আহিল কেইবাজনো ৰা শ্বহীদ আৰু অমৰ ? অমৰৰ কোনো খবৰেই নাই বহুতো বিচাৰ খোচাৰ , অৱশেষত চকাৰৰ ফালৰ পৰা ঘোষনা কৰা , অমৰেন্দ্ৰ কলিতা যুদ্ধত নিখোজ ’’ চৰকাৰী ঘোষনাৰ পাছত কোনে কি কৰিব পাৰে ? গোটেই ঘৰখন যেন কাঁহ পৰি জীন ৷আৰু পুতলা ? কি কৰিব পুতলাই ? অকলশৰে কোঠাটোত হুমুনিয়াহ আৰু চকুপানীৰ লগত তাই একাকাৰ হৈ গৈছিল যুদ্ধ বিগ্ৰহৰ কথা তাই একো বুজি নাপায় অমৰ বাৰু জীয়াই আছেনে ? আৰু যদি নাই ? তেন্তে , কপালত ৰ্সূয্যটো আঁকি দি মানুহজন কিয় বাৰু তৰাৰ দেশলৈ লগৈ ? কপালত দগমগীয়া ফোঁট লৈ স্বামীলৈ বাটচাব , সেইকথা ৰমাকান্ত বা বয়সে গৰকী যোৱা কনপেহীয়েও নাযানে ৷পুতলাৰ ওচৰলৈ মাজে মাজে তাইৰ  দেউতাক আৰু কনপেহী আহি থাকে ইমান মৰমৰ,আলসুৱা পুতলা জনীৰ  মূখলৈ তেওঁলোকে  চাব নোৱাৰে তাই  বাৰু বিধৱা সাজিবনে নে  কপালত দগমগীয়া ফোঁট লৈ স্বামীলৈ বাটচাব , সেইকথা ৰমাকান্ত বা বয়সে গৰকী য়োৱা কনপেহীয়েও নাযানে ৷ 

    স্বামীৰ গৃহত এবছৰ থকাৰ পাছত , এদিন পুতলাৰ দেউতাকে তাইক দেউতাকৰ ঘৰলৈ লৈ আনিছল কথাটোত অমৰৰ ঘৰৰ মানুহেও আপত্তি কৰা নাছিল পিতৃগৃহত লাহে লাহে চাৰিটা বছৰ বাগৰি ক্ৰমাৎ পুতলা আকৌযেন এজনী গাভৰু ছোৱালীলৈ পৰিনত হৈছিল আৰু অমৰ ? সৰুতে শুনা এটি সাধুৰ দৰে মাত্ৰ দহ দিনতে অমৰ দেহ মনে বিয়পি পৰিছিল যদিও , লাহে লাহে যেন তাই সাধুটো পাহৰি গৈছিল আচলতে পাহৰিবলৈ তাই বাধ্য হৈছিল পুতলাৰ সৰুটো ককায়েক ৰঞ্জিতৰ বন্ধু দিগন্তই পুতলাক বিয়াকৰোৱাৰ প্ৰস্তাব দিছিল ৰঞ্জিতে সৰুৰে পৰাই পুতলাক জানে আগত পৰি থকা গোটেই জীৱনটোত  বুকুত জুই একুৰা বান্ধি লৈ ফুৰিবলৈ পুতলাৰ অপৰাধ কি ? সেয়ে দিগন্তই পুতলাৰ জীৱনলৈ এটি নতুন দিগন্ত হৈ আহিবলৈ বিচাৰিলে দিগন্তৰ এই প্ৰস্তাবত ৰমাকান্তই খুউৱ ভালপালে৷আৰু খুউৱ লৰালৰিকৈ গাঁওবুঢ়া আৰু গাঁৱৰ বয়োজেষ্ঠ সকলৰ সমৰ্থনত পুতলা আকৌ এবাৰ ইনা হ একেজনী ছোৱালী দুবাৰকৈ বিয়া দিয়াটো ৰমাকান্তৰ কাৰনে সৌভাগ্য নাছিল পুতলাৰ অকলশৰীয়া জীৱনটোৰ গতি এটি লাগক বুলিয়াই এই প্ৰচেষ্টা ৷ 

   নতুন ইনাজনী ঘৰলৈ অনাৰে পৰা দিগন্তই আপ্ৰান চেষ্টা কৰিছে  পুতলাক আনন্দত ৰাখিবলৈ দিগন্তৰ বিধবা মাকেও পুতলাক নিজৰ জীয়েকৰ দৰে আদৰি ললে আৰু পুতলা ?পুতলায়ো লাহে লাহে পাহৰি গৈছিল অতীতৰ  উজাগৰী নিশা বোৰ স্মৃতিৰ এবুকু উমৰ মাজত পাৰহৈ যোৱা মৰম বোৰ টোপনি গৈছিল ৷পুৰনা ডায়েৰীৰ পাতত  থকা স্মৃতি বোৰ সৰি পৰিছিল নিৰলে নিৰবে কাৰো চকুত নপৰিলে , কোনেও অনুভৱ নকৰিলে তাৰ লগে লগে মৰমৰ উহঁ বিচাৰিফুৰা দুখন হিয়াই খকাখুন্দা লগালে , দুয়ো - দুয়োকে পাবৰ বাবে পুতলাই আকৌ প্ৰান পাই উঠিল নতুন ঘৰত তাই নতুন জীৱনৰ দুৱাৰ মেলিলে   
  
   দিনবোৰ লাহে লাহে মাহ হ’ল ৷ নতুন ঘৰত পুতলাৰ ইতিমধ্যে কেবামাহো পাৰ হ’ল ৷  এদিন , পুতলাৰ অনুভৱ কৰিলে তাইৰ গৰ্ভত অন্য এটি প্ৰানৰ ,---- এটি অংকুৰ  প্ৰথমে দিগন্ত তাৰ পাছত দিগন্তৰ মাকে জানিব পাৰি দিহা দিলে ,নতুন মানুহ এবাৰ ডাক্তৰৰ ওচৰলৈ নিয়া ভাল হব পিছদিনা পুৱাই দিগন্তই ওচৰৰ নতুনকৈ খোলা ৰ্নাচিংহ খনলৈ পুতলাক লৈ , স্ত্ৰীৰোগৰ বিশেষজ্ঞ ডাঃ চন্দন ফুকন এজন নাম থকা ডাক্তৰ গতানুগতিক পৰিক্ষা কৰি ডাক্তৰে  নিমখ   কমকৈ খাবা জিৰনি লৈ লৈ কাম কৰিবা , আদি উপদেশ দি পথাই দিলে ৷

    পুতলাৰ আনন্দৰ সীমা নাইকীয়া হ’ল ৷ আকাশৰ কাঁচিজোন পুৰ হব ৷ নীলাৰ বহল বুকুত ফুলিব অযুত তৰাৰ মৌ মেল , পুতলাৰ আনন্দত দিগন্তয়ো সঁহাৰি জনাই বেৰত আঁৰি দিলে কনমানি এটিৰ ফ’টো এখন ৷ দেউতাক আৰু  কনপেহীও মাজে মাজে আহি  থাকিল ৷

    এনেকৈয়ে পুতলাৰ গৰ্ভাৱস্হা সাতমাহ পুৰ নৌ হঁওতেই তাইক দেউতাক আৰু কনপেহী আহি লৈ গ’লহি ৷ নতুন মানুহ , প্ৰথমটো সন্তান মাকৰ ঘৰতে  হোৱা ভাল ৷

   পুতলা মাকৰ ঘৰত থকা সময়খিনিত দিগন্ত প্ৰতি শনিবাৰে আহে আৰু দেওৱাৰে যায়গৈ৷
আজি কালি পুতলা বৰকৈ বাহিৰলৈ ওলোৱা সোমোৱা নকৰে ৷ নতুন মানুহ পেটে পেটে  ভয়ো নলগা নহয় ৷ মনত বুজা –নুবুজাৰ অনেক কথা ৷কোনখিনি কথা কিমানলৈ স্বাভাবিক ,কিমান খিনিলৈ অস্বাভিক হয় পুতলাই নাজানে ৷ সকলোবোৰ ভগৱান আৰু কনপেহীৰ ওপৰতে নিৰ্ভৰ ৷

   যোৱানিশাৰে পৰা পুতলাৰ গাতো কিবা ভাল লাগি থকা নাই ৷ মনটোও কিবাখন কৰি আছে ৷আঠ মাহত সোমোৱাৰে পৰা কনপেহীয়ে বাৰে বাৰে সকিয়াই আছে , একো কথা লুকুৱাই নথবি , মোক কৈ দিবি , কিন্তু পুতলাই আজি পুৱাৰে পৰা মন কৰিছে , কনপেহীয়ে আজি পুতলাক একোকথা কোৱাৰ সুযোগ দিয়া নাই ৷ পুৱাৰ জলপানো ‘কোঠাতে খা  বুলি কৈ মানুহজনী সাউৎকৈ ওলাই গ’ল ৷ ককায়েক দুটাও কামলৈ কেতিয়া গ’ল তাই গমকে নাপালে ৷ দুপৰীয়া হ’লহি দেউতাকেও মাত এষাৰ দিয়া নাই , আৰু তাইনো দেউতাকৰ ওচৰলৈ কেনেকৈ যায় , আজি পুৱাৰে পৰা দেউতাকে আগবাৰাণ্ডাত বহি কাৰোবাৰ লগত কথা পাতি আছে ৷ কিবা যেন হৈছে ৷ কিন্তু কি হৈছে ? দুপৰিয়া ভাত খাওঁতে পুতলাই তললৈ  মূৰ কৰি ভাত খাই থকা পেহীক সুধিয়ে পেলালে , পেহী আজি ঘৰত কিবা হৈছে নেকি ? ইমান নিমাও – মাও লাগিছে , তুমিও বৰকৈ কথা পতা নাই ,৷ ভাতৰ কাঁহি – বাতি কেইটা সামৰি দীঘল হুমূনিয়াহ এটাৰে কনপেহীয়ে ক’লে, ‘তই হবলা ধৰিব পাৰিলি মই তোক ক’লোৱেই হেতেঁন , ক’বতো লাগিবই ৷ কনপেহী ৰ’ল ৷ পুতলাই আৰু ধৈয্য ধৰিব নোৱাৰিলে ৷ নৰবা  পেহী  কি হৈছে কোৱা , ৷ পেহীয়ে মনতে কথাবোৰ কৰ পৰা আৰম্ভ কৰিব জুকিয়াই ল’লে আৰু কলে , ‘কুমলীয়া বয়সতে বহুত সহিলি অ ,আই ৷ ভগবানে আৰু থৈছে , আৰু সহিব লাগিব ৷ সৰুতেই মাৰক হেৰুৱালি , বিয়া দিলো হ’ল সেইয়া , সেমেকি উঠা চকুহাল চাদৰৰ আগটোৰে মোহাৰি পেহীয়ে আকৌ ক’লে , ‘চাপৰিলে মেঘ নেৰাই , বুজিছ ৷ ঘৰখনৰ আটাইবোৰ মানুহে যেতিয়া ল’ৰাটোক  আনিবলৈ ভগৱানক  খাটনি  ধৰিছিলো  তেতিয়া তেওঁ চকু মুদি থাকিলে , আৰু আজি অত, বছৰৰ মূৰত হেৰোৱা ল’ৰাটো উভটি আহিছে ৷ ‘পুতলাৰ  চকুদুটা  ডাঙৰকৈ মেলখাই গ’ল ৷ হেৰোৱা ল’ৰা ------ অমৰ , তাইৰ  মূখেৰে  একো শব্দ  নোলাল , অবাক হৈ পেহীলৈ চালে ৷   

    ‘অঁ’ অমৰ উভতি  আহিছে ৷  যুদ্ধত তাৰ মৃত্য হোৱা নাছিল ৷ পাকিস্হানী সেনাই তাক বন্দী কৰি লৈ গৈছিল ৷ ভাৰতত বন্দীকৰি থোৱা  সৈন্যক মোকলাই দিয়াত আমাৰ  ল’ৰাহঁতকো এৰি দিলে ৷ কালি ৰাতি সি ঘৰ পালেহি ৷ তাৰ লগত তোৰ এৰা এৰিও হোৱা নাই , সি মৰাও নাই আৰু তোৰ পুনৰ বিয়া হোৱাৰ কাৰণে সি কাইলৈ মেল চপাইছে ৷ তোৰ দেহাটো এনেকুৱা কাৰণে মেলখন আমাৰ ছোতালতে হব৷কনপেহীয়ে কথাখিনি কৈ হুক্ –হুকাই কান্দি পেলালে ৷ যন্তৰ দৰে পুতলা কেতিয়া কেনেকৈ আহি বিচনা পালে তাই নাজানে ৷ তেনেকৈয়ে গধুলি হ’ল ৷ ৰাতিৰ সাজ ভাতো নাখালে ৷ ঘৰৰ কোনেও তাইক নজগালে ৷

    যেতিয়া তাই সাৰ পাইছিল , তেতিয়া হয়তো ৰাতি দুভাগ ৷ সৰুতে তাই যেতিয়া মাজনিশা সাৰ পাইছিল ৷ তেতিয়া বৰ ভয় লাগিছিল আৰু মাকৰ বুকুত কুচিমুচি সোমাই আকৌ টোপনি গৈছিল ৷ কিন্তু আজি তাইৰ সমূলি ভয় লগা নাই ৷ তাই ভয় লাগিছে এই পুৱাটোলৈ ৷দিনৰ পোহৰলৈ আজি তাইৰ ভয় লাগিছে ৷উস কিযে হৈ গ’ল ; পুৱে ঢলফাট দিয়ালৈ তাই পুনৰ টোপনি গৈছিল ৷

   কনপেহীৰ মাতত তাই সাৰ পালে ‘৷পুতলা’ কালিও ভাত খোৱা নাই , গাটো ধুই গৰম ভাত দুটামান খাই ল , ৷ মেলৰ মানুহ পাইহিহে লাগে ৷ কৈ কৈ  কনপেহী ওলাই গ’ল পুতলাৰ চকুলৈ চাবলৈ যেন আজি তেঁওৰ সাহস নাই ৷ দেউতাকো কালিৰে পৰা তাইৰ ওচৰলৈ অহা নাই ৷ সৰুৰে পৰা পুতলাই ডাঙৰৰ কথা অমান্য কৰা নাই ৷ আজিও তাই এটি বাধ্য শিশুৰ দৰে কনপেহীৰ মতে সকলো কৰি গ’ল ৷
   পুৱা নটা মান বজাত এজন এজনকৈ মেলৰ মানুহ আহি ৰমাকান্তৰ আগ চোতালত গোট খালেহি ৷ কনপেহীৰ  ওচৰতে মুঢ়া এটাত পুতলা বহিছে ৷ বহাৰে পৰা তাই তলমূৰ কৰি আছে ৷ এবাৰ তাই তলমূৰ কৰাৰ পৰাই অমৰৰ ভৰি দুখন দেখিলে ৷ তাই গাটো জাৰ লাগি গ’ল ৷ এই দুটা ভৰিচুই তাই অমৰক যুদ্ধলৈ যোৱাৰ সময়ত সেৱা কৰিছিল ৷ মাজতে এবাৰ দিগন্তৰ মাতটোও শুনিলে ৷

    প্ৰায় পোন্ধৰ বিশজন মান মানুহে চোতাল ভৰি পৰিলে ওচৰৰ মানুহৰ ঘৰতো মেলশুনিবলৈ জীয়ৰী –বোৱাৰীয়ে ভীৰ কৰিলে ৷ মেল আৰম্ব হ’ল ৷ প্ৰথমে পুতলাৰ দেউতাক থিয়হৈ হাতযোৰ কৰি আৰম্ভ কৰিলে , ‘‘মই অশিক্ষিত মানুহ , যুদ্ধত হেৰোৱা ল’ৰা এটা যে পাঁচ বছৰৰ পাছত উভতি আহিব মই ভাবিৱ পৰা নাছিলো ৷’’ আইন কানুনৰ কথাও নিচেই নাজানো ৷ বাপেকটো হৈ ছোৱালী জনীৰ অকলশৰীয়া জীৱনটো মই সহ্য কৰিব পৰা নাছিলো ৷, শেষৰ কতাকেইটা থোকা –থোকি মাতেৰে কৈ ৰমাকান্ত বহিল ৷ এজন এজনকৈ দিগন্ত আৰু অমৰে নিজ নিজ মন্তব্য দাঙি ধৰিলে ৷ কিন্তু পুতলা , পুতলা তলমূৰকৈ বহিল যি বহিল ৷ তাইক লাগে বিচাৰৰ শেষ মন্তব্য ৷ এইখন চোতালতে ধূলি – বালি খেলি ডাঙৰ হ’ল ৷ দুবাৰকৈ কইনা সাজি এইখন চোতালৰ পৰাই ওলাই গ’ল , আৰু আজি পত্নীৰ ভাগ হ’ব , পুতলাৰ ভাগ হ’ব ৷ পুতলাক যেন কিবা এটাই ক্ৰমাৎ গ্ৰাস কৰি আহিছে ৷ বহি থকাৰ শক্তিকনো যেন শেষ হৈ আহিছে ৷ এনেতে , গাওঁ বুঢাই থিয়হৈ ৰায় দিলে , পুতলাৰ দ্বিতীয় বিৱাহ আমাৰ সকলোৰে সমৰ্থনতে হৈছিল ৷ অমৰ যে এদিন উভতি আহিব সেইকথা আমি সেই সময়ত ভবাই  নাছিলো ৷ যিহেতু পুতলাৰ  পূৰ্বপতি অমৰেন্দ্ৰ জীৱিত , গতিকে পুতলা প্ৰসবৰ পাছত অমৰৰ ঘৰলৈ যাবগৈ লাগিব ৷ লগে লগে দিগন্তই চিঞৰি উঠিল , ‘নহব , পুতলা মোৰ পত্নী , তাই গৰ্ভত মোৰ সন্তান আছে ৷ গতিকে ----- ,৷ মেলত এটি মৃদু গুন গুননিৰ সৃষ্টি হ’ল , কিছুপৰ ভাবি গুনি গাঁওবুঢাই ক’লে , ‘হওঁতে দিগন্তৰ কথাটোও নোহোৱা নহয় , সন্তানটিৰ পিতৃ দিগন্তহে , গতিকে সন্তানটি কিছু ডাঙৰ হোৱাৰ পাছত পুতলাই স্ব –ইচ্ছাৰে সন্তানটি  দিগন্তক গতাই দিব লাগিব ৷’’

   উস্ ; পুতলাই আৰু শুনিব নোৱাৰে ৷ সকলোৱে  মনৰ কথা কৈছে ৷ কিন্তু কোনোৱাই যদি জানিবলৈ বিচাৰিলে হেতেঁন পুতলাৰ মনৰ কথা ৷ পুতলাই কি বিচাৰে ৷

   পুতলাই  আজি মুক্তি বিচাৰে ৷ তাই আজি অনুভব কৰিছে তাই যেন গোতেই জীৱনটো সূতা এডালৰ আগ এটাত ওলমি আছে , আৰু সূতাডালৰ আনটো মূৰত কোনোবা অদৃশ্য শক্তিয়ে ধৰি নচুৱাই আছে ৷  কিয় বাৰু তাইৰ নাম পুতলা হ’ল ? তাই আৰু নাচিব নোৱাৰে তাই অবশ হৈ পৰিছে ৷ তাইৰ মাকলৈ কালিৰে পৰা বৰকৈ মনত পৰিছে ৷মাকৰ বুকুত সোমাই টোপনি যাবলৈ তাইৰ আজি মন গৈছে ৷ অ   তাই মাকৰ কোলাত শুই পৰিব ৷ মাকৰ কোলাতকৈ আৰু নিৰাপদ ঠাই কি হ’ব পাৰে ? হৰ্থাৎ পুতলাৰ মূখৰ পৰা ‘মা অ ’ বুলি এটা চিঞৰ ওলাল আৰু তাই মূঢ়াটোৰ পৰা বাগৰি পৰিল , নিমিষতে হুৱা –দুৱা লাগিল ৷

    লগে লগে পুতলাক নাৰ্চিং হোমলৈ অনা হল ৷ডাঃফুকনে পৰিক্ষা কৰি কলেঅৱস্থা বৰ ভাল নহয় ৷সোনকালে অপাৰেশ্বন কৰিব লাগিব ৷অপাৰেশ্বন কক্ষৰ বাহিৰত কনপাহী, দিগন্ত আৰু পুতলাৰ দেউতাক ৰৈ আছে ৷কিছু আঁতৰত অমৰ অকলে ৰৈ আছে ৷অপাৰেশ্বন হৈ গল ৷কোলাত কেঁছুৱা এটি লৈ নাৰ্চ এগৰাকী ওলাই আহিল ৷লগত ডাঃফুকন ৷ৰা এটা জন্ম হৈছে ৷তললৈ মূৰকৈ ডাক্তৰে কলে ৷সকলোৱে ডাক্তৰলৈ চালে ৷পুতলা ?পুতলা কেনে আছে ?” দিগন্তই প্ৰায় চিঞৰিয়েই শুধিলে ৷ডাক্তৰে মূৰজোকাৰি কলেনাই পুতলাক বচাব পৰা নগল ৷গৰ্ভাৱস্তাত মনত প্ৰচণ্ড ভয় আৰু আঘাট পোৱাত পুতলা মানসিক ভাৱে ভাগি পৰিছিল ৷তাইৰ জ্ঞান আৰু ঘুৰি নাহিল ৷তাই টোপনি গল ৷তাই চিৰদিনলৈ টোপনি গল ৷কনপেহীয়ে কেঁছুৱাটি সাৱতি চিঞৰি উঠিল, “আমাক ক্ষমা কৰ আই আমাক ক্ষমা কৰ ৷ৰমাকান্তই হাতযোৰ কৰি হুকহুকাই কান্দি কান্দি কলেভগৱান ,তুমিহে উচিৎ বিচাৰ কৰিলা ছোৱালীটিক অৱশেষত শান্তি দিলা ৷
  
বিঃদ্ৰঃ-পুতলাৰ জীৱন কাহিনী উপন্যাসৰ দৰেই মনোৰম যদিও ই এটি জীয়া বাস্তৱ ৷                                                                                                                               
                                              

                                                                                                                  

No comments:

Post a Comment