Wednesday, 8 February 2012

হাফপৰ্দা

(১৮ মাৰ্চ’ ২0১১ ত , NRC- AGBP ৰ  সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত ‘ কবিতাৰ এসন্ধ্যা’ অনুস্থানত পাঠ কৰা কবিতা )


হাফপৰ্দা আছেনে তোমাৰ? জিঞা পাখিহেন কাপোৰৰ এক দশমিক দুই শূণ্য মিটাৰৰ সঠিক মাপৰ এখন পৰ্দা ৷ বগলী পাখি হেন বগা ঢকঢকীয়া ৷ আভিজাত্যৰ চাপ গৰকি অহা এখন পৰ্দা আৰিবা---
খিৰিকিৰ পদাৰ আধা জোখত
আৰি দিবা তোমাৰ কোঠাবোৰত ৷
নালাগে     দাঙি চাব ৷
ভিতৰৰ পৰাই চোৱা ৷ মন গৈছে যদি
বাহিৰৰ পৰা ?    কোনেও নেদেখে তোমাক
ঢাকি ৰাখিব তোমাৰ আধা ছবি ৷
কোনে আজিকালি উদং কৰি বিলায়
নিজৰ ধন, প্ৰম অঠবা মানৱীয়তা
সকলোতে কেৱল ছান কাঢি খোৱা নীতি  ৷
মইও আৰিছো এখন পৰ্দা ৷
যিয়ে বাহিৰৰ ৰদ বতাহ ভাগ কৰে আধা অধা ৷
যাৰ আৰত গঢি তোলো
মানুহৰ সৈতে সীমিত ঘনিয্ঠতা ৷
ই সু্ৰক্ষিত কৰে ভিতৰৰ বতাহ
সাময়িক কিছু পৰচৰ্চা
ইপাৰ-সিপাৰ দেখা আস্বাদানৰ আৰত
সুৰক্ষিত কৰো ঘৰৰ গোপনীয়তা ৷
হাফপৰ্দা হাফপৰ্দা
উদং কৰি চাবলৈ লাগে লাজ
সেয়েহে,হাফপৰ্দা
আধুনিকতাৰ অন্য সাজ ৷

                                                                                 
                                                 - বৰ্ণালী চেতিয়া গগৈ -


No comments:

Post a Comment