(NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা অনুষ্ঠিত২০১১ চনৰ ছুটী গল্প প্ৰতিযোগীতাত দ্বিত্বীয় পুৰস্কাৰ প্ৰাপ্ত )
“ছাৰ বহিছে? ’’ বতাহৰ বোকোচাত উঠি অহা চিনাকী মাতত বাতৰি কাকতৰ পৰা মূৰ নদঙাকৈয়ে বৰুৱাই ‘অঁ’ বুলি দীঘলীয়া সহাঁৰি দি সামৰিব খুজিছিল ৷তৰিৎ গতিত মনলৈ আহিল “এইটোচোন তোলনৰ মাত’’৷আজি কিছুদিনৰ আগতে হাজৰীকা দোকানিয়ে তাৰ সম্পৰ্কত কৰা মন্তব্যই বৰুৱা দম্পতীৰ মনত তোলনৰ প্ৰতি অৱজ্ঞাৰ ভাৱ আনি দিছিল ৷পুনৰ তোলনৰ আগমনে বৰুৱাক ভাবিবলৈ বাধ্য কৰালে “ইহঁতবোৰ এনেকুৱাই’’৷
“কিবা ল’বানেকিহে ? তোলন আহিছে ৷’’ যিমান পাৰি নিলিৰ্প্ততাৰে বৰুৱাই ভিতৰলৈ খবৰটো পঠালে যাতে বৰুৱানিয়ে খবৰটো সাধাৰণ ভাৱে লয় ৷ মাতি নপঠালেও তোলনৰ শাক পাচলিৰ বজাৰখন পোন প্ৰথমে বৰুৱাৰ দুৱাৰমুখতে ৰয়হি ৷ ঘৰৰ বাৰীত হোৱা শাক পাচলী কেইটামান ,জাক দি পকোৱা কল দুআশী,কলডিল এটা,মৰিছা এমুঠি হৰেক ৰকমৰ ৰঙেৰে ৰঙীন যেন জলকীয়া কেইটা হাতত লৈ বৰুৱানী ভিতৰ সোমায় ৷চাহকাপ হয় মানে তোলনে বস্তকেইপদ সামৰি পাচলীৰ হিচাপটো বৰুৱাক দিয়ে ৷কেতিয়াবা খুচুৰাৰ অভাৱত দহ পোন্ধৰ টকা বাদ পৰে,হয় তোলনে দিবলৈ থাকে বা কেলেণ্ডাৰখনৰ চুকতে লিখি ৰাখে—১৫ টকা তোলনক দিব লাগিব, লগতে সেই দিনাৰ তাৰিখটো ৷ বৰুৱানীয়ে দিয়া চাহকাপ খাই তোলনৰ দিনটোলৈ যাত্ৰা আৰম্ভ ৷
“ক’তা তোলনেচোন বাঁহ দুডাল মানহে পেলাইছেহি আলিহঁতৰ কোৱাৰ্টাৰৰ ওচৰত ৷” কৈ কৈ বৰুৱানি ভিতৰ সোমাল ৷বৰুৱাই বাৰাণ্ডাৰ পৰাই মূৰ দাঙি চাই তোলনক নেদেখি বাতৰি কাকতত মন দিলে ৷
বৰুৱাহঁত এই প্ৰজেক্টলৈ বদলি হৈ অহা প্ৰায় দুবছৰ হ’ল ৷আৰম্ভণিৰে পৰা তোলনক দেখিছে বৰুৱাহঁতে ৷প্ৰথমে প্ৰায় এশমিটাৰমান আতঁৰত থকা গগৈ কোৱাৰ্টাৰত তোলনে আহি পাচলিৰ বেহাখন মেলিছিল ; সকলোৰে হিচাপ নিকাচ মিলাই পা-পইচা লৈ গগৈনী বাইদেউৰ ঘৰতে চাহ এটুপি খুজি খায় ৷লাহে লাহে নোখোজাকৈয়ে গগৈনীয়ে চাহ দিয়াত সিও ঘৰৰ মানুহ হেন জ্ঞান কৰি মানুহ ঘৰৰ প্ৰতি অনুগত হৈ ৰ’ল ৷গগৈহঁত বদলি হৈ যোৱাৰ পাছত নিজৰ অজ্ঞাতে বৰুৱানীয়ে গগৈনীৰ ভূমিকা গ্ৰহণ কৰিলে ৷
প্ৰজেক্টৰ চৌহদৰ কাষতে লাগি থকা গাঁৱৰে ল’ৰা, ল’ৰা নহয় দুটা মদগজ ডেকাৰ বাপেকী তোলন ৷ তোলনে কোৱা মতে প্ৰথম প্ৰজেক্ট হওঁতে সিহঁতবোৰ ডঙুৱা ৷ তাৰে দুটামানে সা-সুবিধা পাই কামত হাত দিলে,এতিয়া অৱস্থা ভাল ৷তাৰ মাজতে তোলন থাকি গ’ল ৷ভাগ্য বেয়া ,তোলনৰ কথা সেয়া ৷অলপতে ডাঙৰটো পুতেকে বিয়াও কৰালে,সৰুটোৱে আকৌ আজি এখনত, কালি এখনত কৰি গাড়ীত বগাই ডলাৰ বগৰী হ’ল ৷উপাৰ্জনৰ মূল মানুহ তোলন ৷ঘৰখনৰ খাৱৰীয়া সৰহ ,যোগনীয়াৰ কম ৷প্ৰজেক্টৰ কলনিত ঘৰে ঘৰে শাক পাত ,কল বন তামোল পাণ ইটো সিটো বিক্ৰী কৰে ৷লগতে হাজিৰা হিচাপত কামও কৰে ৷ঘৰৰ পৰা আহোতে চাইকেলৰ হেণ্ডেলত অনা পাচলিৰ মোনাত ঘূৰি যাওঁতে যায়-ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা বাতৰি কাকত ,পুৰণা স্কুলীয়া বহী আদি ৷তাৰোপৰি সপ্তাহটোৰ বাবে থকা ফৰমাইচবোৰ ৷যেনে বৰানীক পোৱালী পাৰ’ এযোৰ লাগে দিবহি তোলনে,বৰদলৈনীয়ে ভকত পাচঁজনক চাউল একঠা খুৱাব কলপাতৰ পৰা আৰম্ভ কৰি ভকতৰ লগত যোগনীয়াৰ কৰিবহি তোলনে ৷বতৰৰ বস্তু বৰ টেঙা কেইটামান,ভোত জলকীয়া ,থুৰি কচু আৰু ক’ত
জুতি লগা শাকপাতৰ ফৰমাইচ ৷গেৰেজৰ কাৰণে বাহঁ লাগে ,সেয়া হাজিৰা কৰিবলৈ আহোঁতেই লৈ আহিব ৷ইফালে ভাদ মহীয়া পাঁচ ঘৰে লগ লাগি শৰাই দিব লাগে ৷বুট মাহ মিঠাইৰ বাদে বাকী বস্তু আহে তোলনৰ চাইকেলত ৷পাঁচ ঘৰে হিচাপ নিকাচ কৰি বিদায় দিয়ে কি নিদিয়ে আন চাৰিঘৰে ধৰিবহি বোলে –“পৰহিলৈ শৰাই আছে ৷কাইলৈকে বস্তু কেইপদ দি যাবা ৷” দি যাবা বুলিলেই হ'ল নামঘৰৰ কাষৰ চালিখনত বস্তু লৈ তোলন হাজিৰ ৷বস্তুৰ হেৰফেৰ নাই ; পইচাৰো কম বেচ নাই ৷সৰ্বোপৰি এটা পৰ্বত তোলন অপৰিহাৰ্য্য ৷ কলনিৰ ধৰন কৰন টাউনীয়া যদিও সৰহ ভাগ অসমীয়া মানুহ ৷নাপাতো, নকৰো বুলিও ইয়াত নোৱা- তোলনী বিয়াখন গৈ গৈ ডাঙৰেই হয়গৈ ৷এনে বিয়া বোৰত দৰকাৰ হোৱা পাটি দৈ, হাঁহকণী, বেইৰ তলত দিয়া কাঁচি আদি বস্তুকেইপদৰ ভাৰ পৰে তোলনৰ ওপৰতে ৷গৃহস্থই পাহৰা ঔ টেঙাটো তোলনৰ হাতত লাগি আহে,লগত এমুঠি খেৰ ৷বস্তুকেইপদ যোগাৰ দিয়াই নহয় বিয়াখনত দুদিনৰ আগৰ পৰা কাম বন কৰি বিয়াৰ দুদিন পাছলৈকে তোলনৰ আহৰি নাই ৷কামৰ বাবদ মজুৰি দিয়া হয় ৷গাত লাগি কৰা মানুহ বুলি একমাত্ৰ নাম তোলনৰহে আছে ৷বিয়াঘৰত পিত্ পিতাই কাম কৰি সকলোবোৰ চিজিল লগাই তাৰ পাছতহে হিচাপ নিকাচ’ত বহে ৷তোলনৰ কুকুৰ খুজিয়া কামৰ তালত একো কাম বাদ নপৰে ৷কাম টুটে ,আঁত মৰে ৷এনেকুৱা এটা মানুহক দুই এপইচা বেছিকৈ দিও ভাল লাগে ৷এক কথাত গাত লাগি কাম কৰা মানুহ ৷নামঘৰৰ দিন কেইটাত সেইখন সমাজেও তোলনক বিছাৰে ৷তোলনে যোগান দিয়া কলপাত ,ঘৰতে জাক দি পকোৱা কল,তামোল-পান সকলোৱে চকুমুদি লয় ৷
আনকেইবাৰৰ দৰে এইবাৰো ভাদমহীয়া নাঘৰত শৰাই দিয়াৰ আলোচনা এটা চলিল ৷বজাৰ সমাৰ কৰাৰ সুবিধা অসুবিধালৈ চাই বহুতে মত দিলে বোলে শৰাইৰ বস্তু সৰহীয়াকৈ অনা যাওঁক ৷ঘৰে প্ৰতি ৩০০/-টকা হিচাপত লৈ সকলোবোৰ বস্তু ৰাজহুৱাকৈ কিনিব লাগে ৷কলনিৰ মানুহৰ হিচাপ অনুযায়ী দৈনিক পাঁচঘৰ মানুহৰ শৰাই যদি দিয়ে তেতিয়া গোটেই ভাদমাহটো শৰাই থাকিব ৷প্ৰথম সপ্তাহতে চৈধ্য – পোন্ধৰ ঘৰে শৰাই যদি দিলে মাহৰ শেষত শৰাই নাথাকে ,নামঘৰো উদং উদং লাগে ৷মানুহৰ সমাগমেহে নামঘৰৰ সৌষ্ঠৱ বঢ়ায় ৷কথা মতে কাম ৷নামঘৰৰ আগভাগ লোৱা বুলি নাম থকা দুগৰাকীমানে দায়িত্ব বুজি হাজৰিকা দোকানত বন্দোবস্ত বুটমগু যোগানৰ ৷হাজৰিকা দোকানীয়ে বোলে দোকানৰ মাল কঢ়িয়াবলৈ নতুন কৈ গাড়ী এডোখৰ ললে ৷বুট মগুৰ লগতে ফলমূল আদি সমস্ত বস্তুৱেই দিবগৈ পাৰিম ৷কামফেৰা আৰু অকন উজু হ’ল ৷এতিয়া মাত্ৰ সপ্তাহৰ শেষত বস্তুৰ ৰছিদ চাই টকা পৰিশোধ কৰিলেই হ’ল-সেইভাগ কাম নামঘৰৰ বৰমূৰীয়া সকলে কৰিব ৷
নতুন নিয়ম সুবিধাৰেই হ’ল ৷দিন পাৰ হ’ল ৷বৰুৱানী বৰানীহঁতে শৰাই দি আজৰি হ’ল ৷তাৰ মাজতে তোলনে ভূমুকি মাৰিলেহি ৷নতুন খবৰ তাৰ বোলে নাতি ল’ৰা এটা হ’ল ভাদৰ পহিলাতে ,গতিকে অশৌচ লগা ঘৰৰ পৰা নামঘৰত বস্তু যোগনীয়াৰ হবহি পৰা নাই ৷তোলনে মন কৰিলে তেনেকুৱা বস্তু যোগানৰ কোনো ফৰমাইচও ৷অহাও সেৰেঙা হ’ল তাৰ ৷
কথাৰ আৰম্ভণি গাঁৱৰ আলিমূৰতে ৷তোলনে বকিয়াগছেদি আহি আলিত উঠিছিলহে,তেনেতে বোলে কোনোবা কল বেপাৰীয়ে ৰিং মাৰি ক’লে “অচিন কাঠৰ থোৰা নলগাবা ,কাৰ্বাইদ দি কল নপকাবা” ৷কিনো কলি বুলি আগভেটি সোধোতে সিটোৱে কলে “তোৰ ছিলিম ছিগিল ৷আমি কাৰ্বাইদ কল বেচোঁ বুলি বদনাম গাইছিলি নহয় ,এতিয়াচোন তোৰ সমুদায় গ’ল ৷” বাটৰ কাষৰ মলকাইহে প্ৰজেক্টৰ নামঘৰৰ নতুন নিয়ম হোৱা ,হাজৰিকা দোকানত কৰা বন্দোবস্ত আদি সমস্ত কথাৰ ভেদ দি কথাৰ আতঁ দিলে ৷দুদিনমানৰ আগতে তোলনে কথাটোৰ উমঘাম লৈছিল ৷পাকঘৰৰ ধোঁৱা চাঙত তুলি থোৱা চেনিকল দুআশীমান ,জাক দিবলৈ আনি থোৱা জাহাজী কল কেই থোকৰ হিচাপ এটা কৰি আশা কৰি আছিল কেতিয়া নামঘৰৰ পৰা খবৰ আহে ৷ঘৰখনৰ অশৌচ দুদিনৰ আগতে ভাগিছে ৷সিও ওলাব পৰা নাই ৷প্ৰথমে কথাষাৰ শুনি তোলনে ভাবিলে কোম্পানিৰ নিজা নামঘৰত ,নিজা নিয়ম বনাইছে ৷তাতেনো কি সুধিম ৷দৰকাৰ পৰিলে কিবা যোগান দিম ৷কিন্তু তোলনে কাৰ্বাইদ দি পকোৱা কল দিয়াৰ বাবে এনেহেন ব্যৱস্থা এটা হ’ল নে ?অৱশ্যে দুই এবাৰ তেনেকুৱা কল নিদিয়া নহয় ৷শাঁওনৰ পহিলাতে গোটে গোটে পাঁচ থোকা কল ভাগিল ৷ইফালে অন্যত বন্দোবস্ত নাই গতিকে দত্ত ছাৰৰ ঘৰত শৰাইত দিবলৈ বুলি দিয়া কলত দুআশী কল বজাৰৰ পৰা আনি দিহে হিচাপ মিলাইছিল ৷কল খিনি দিওতে দত্তনী বাইদেৱে পেৰি পেৰি সুধিছিল “কাৰ্বাইদ দিয়ানেকি ? ল’ৰাই খালে অপকাৰ হয় বা” ? “নহয় বাইদেউ ,কেচাঁতে কলথোকত মুখ নালাগিবলৈ চূণৰ আঁক মাৰো যে তাৰে চিন ৷বজাৰৰ কলতহে কাৰ্বাইদ দিয়ে,মই একেবাৰে ঘৰুৱা কল দিছো”৷তোলনৰ গা চেবালে ৷সময়ত বস্ত দিবলৈ গৈ সি যে মিছা মাতিছিল আৰু সেই কথাই যে তাৰ ভিকাচন ভাঙিছে ;তোলনৰ বুজিবলৈ বাকী নাথাকিল ৷
হ’লেও এনে অপৰাধ লাগিল নে ?কতই কিমান বেইমানী কাম কৰি টকা আৰ্জিছে ৷কত গোৱালে গাখীৰত পেকেট গাখীৰ মিহলাই নেপালী খুটিৰ গাখীৰ বুলি বেচিছেহি ৷কোনোটোৱে আকৌ চেনি মিহলাই তাতে দুখন মৌচাক জুবুৰা মাৰি গছৰ পৰা পাৰি অনা খাটি মৌ বুলি ঘৰে ঘৰে বিক্ৰী কৰে ৷তাকে মাকহঁতে পানী কেঁচুৱাক চেলেকায় ‘কাঁহত মৌ ভাল’ ৷অভাৱত পৰি স্বভাৱ নষ্ট হয় ৷তোলনৰ এনে অভাৱ হোৱা নাই যে বেপাৰ কৰিবলৈ ৰাইজক ফন্দি কৰি বস্ত বেচিব ৷ই নিশ্চয় কোনো তুতকীয়াৰ কাম; মনতে স্বৰ্গতোক্তি কৰিলে ৷তোলনৰ মনত অলেখ মুখৰ অগা দেৱা ৷
দুদিনমানৰ পাছত বজাৰৰ মোনাখন বৰুৱানীৰ হাতত দি বৰুৱাই কোনোদিন নোসোধা (সাধাৰণতে নোসোধে ) কথা এটা সুধিলে “হেৰা তোমাৰ নামঘৰ কেনে চলিছে ?
বৰুৱানীয়ে কৃত্ৰিম ভাৱে অবাক হৈ কলে “বৰ সুধিলা আজি নামঘৰৰ কথা” ৷
“নহয় হে , তোমালোকৰ কিবা সমিতি গঠন হ’লনেকি ?” মানে লেডীজৰ ? বৰুৱাৰ মাতত আগ্ৰহৰ ৰেশ ৷
“এ হাজৰিকা দোকানীয়েহে ক’লে ৷তোমালোকৰ মহিলা গ্ৰুপটোৱে বোলে সৰহীয়াকৈ বস্তু যোগানৰ বাবে হাজৰিকাক দায়িত্বটো দিলা, তাকে দেখি তোলনৰ খং ৷কালি গধূলি হাজৰিকাৰ দোকানৰ সমুখত অবাইচ মাত মাতি গালি গালাজ” ৷বৰুৱানীৰ কপাল কোঁচ খালে ৷ চাৎ কৰে মনত পৰিল আগদিনা বৰানীৰ ঘৰত চাহ খাওঁতে সোনোৱালৰ মিছেছে উলিয়াইছিল কথা ৷গেতৰ মুখত বোলে কাজিয়া ৷নামঘৰত কোনে কি কমিটি বনায় বনাই থাকক, এইবোৰ হাজৰিকা দোকানী চহকী হোৱাৰ ফন্দি ৷এইবুলি কোনোবা এটাই গালি পাৰিলে ৷
কোনে কি কথাত কাক গালি পাৰিলে প্ৰজেক্টৰ মানুহে উমঘাম নলয় ৷তাতে ঘটনাটো গেটৰ বাহিৰত ৷গতিকে অধিক জনাৰ উপায়ো নাই ৷সেই একেটা ঘটনাৰ যোগসূত্ৰতে যদি হাজৰীকা দোকানিয়ে আজি বৰুৱাক সুধিছে তেন্তে নিশ্চয় প্ৰজেক্টৰ নাঘৰৰ বস্তু যোগানৰ বিষয়টো জড়িত আছে ৷
বৰুৱানীয়ে বিষয়টোৰ গুৰুত্ব বুজিলে ৷লগতে বুজি উঠিল তোলনৰ অন্তৰৰ ক্ষোভ ৷এখন অভাবী ঘৰ ৷ঘৰখনৰ উপাৰ্জন ঋতুকালীন ৷সমাজৰ পৰিৱৰ্তিত ব্যৱস্থাই তোলনৰ নিচিনা বেপাৰী মানুহৰ জীৱিকাৰ বাট ক্ৰমাত ঠেক কৰি আনিছে ৷তথপিও মুখত অবাইচ মাত মাতি, হকে বিহকে কথা কৈ গেটৰ বাহিৰত এনেদৰে অসভ্যালি কৰা বুলি জানি বৰুৱানীৰ মনটো বিৰক্ত হ’ল ৷এনে লাগিল এতিয়াহে তোলনৰ আচল স্বৰূপটো ওলাল ৷
দিন বাগৰিল ৷কলনিত তোলনৰ ছাঁটোকে নেদেখা হ’ল ৷বৰুৱাহঁতেও কথাটো সিমান গুৰুত্ব দিব লগিয়া বুলি ভাবি নাথাকিল ৷ইফালে ভাদৰ শেষত ছেপ্তেম্বৰ মাহৰ সোতৰ তাৰিখে বিশ্বকৰ্মা পূজা ৷প্ৰজেক্টত এইটো বিৰাত আয়োজন ৷দিনত খিচিৰি, ৰাতিলৈ নামঘৰত ভাওনা ৷
ভাওঁনালৈ দুটামান দিন আছে ৷তেনেতে আজি তোলনৰ আবিৰ্ভাৱ ৷বহুদিনৰ বিৰতিত তোলনে আকৌ কলনিত ভৰি দিছে ,সেই একেই উচ্চাস ৷আজি শাক –পাচলিৰে ভৰ্তি চাইকেলৰ পৰিবৰ্তে কেৱল বাহঁ দুডাল দেখি বৰুৱানীয়াও তোলনৰ সংবাদ লোৱাত আগ্ৰহ নেদেখুৱালে ৷ ক্ষন্তেক পাছতে তোলন আহি সদায় বহাৰ দৰে মূঢ়াটো লৈ দৰ্জাৰ কাষতে বহিলহি ৷তামোল খাই কজলা হোৱা দাঁত কেইটাৰে হাঁহি বিৰিঙাই খবৰ দিলে –“বাইদেউ ; মৌচুমি টেঙা লাগিছে, কাতিমহীয়াহে ৰস ধৰিব ৷দিমহি বাৰু ৷মইনাহঁত ইচকুল গ’ল হব পায় ৷”দিনৰ এঘাৰ বজাত আহিলেও তোলনে ল’ৰা-ছোৱালী হালৰ স্কুলৰ কথা সুধিবলৈ নেপাহৰে ৷আজিকালি ল’ৰা-ছোৱালী সাতটাতে স্কুল যায় ৷বৰুৱানীৰ হাঁহি উঠে ৷তোলন বহিল যেতিয়া চাহকাপ খাই যাব ৷এনে মনোভাৱেৰে বৰুৱানী পাকঘৰত সোমাল ৷
“বাঁহ ,কি গেৰেজ বনাবা ?” কথাৰ আঁত বিচাৰিবলৈ গৈ বৰুৱাই প্ৰশ্নবোধকেৰে আৰম্ভ কৰিলে ৷
“হে-য়ি—বাহঁ মানে আনিছিলো নামঘৰলৈ ৷তাৰে দুটা আকৌ বেছি হ’ল ৷আলিছাৰে লগপাই ক’লে গেৰেজটো হেনো বতাহত লৰে ৷খুটা চাইটা সলাব বোলে ৷”তোলনে নিৰ্ভয় মনে কৈ গ’ল ৷বৰুৱাৰ মনত পৰিল, কিছুদিনৰ আগৰ বতাহ বৰষুণ জাকলৈ ৷ৰাতি দুটা গেৰেজৰ টিং বখলিয়াইছিল ৷
“নামঘৰত কিবা বনাবা ?” বৰুৱাই টুকুৰিয়াই চালে ৷
“কেলেই ভাওনা সবাহলৈ আকউ ৷”কঁকালত বন্ধা গামোচাৰ গাঁঠিটো মোকলাই গা পোন কৰি উত্তৰ দিলে ৷
“অঁ’ বুলি বৰুৱাই ভিতৰলৈ চালে ;উদেশ্য বৰুৱানীয়ে তোলনৰ সমুখত চাহকাপ দিলেই বৰুৱা আজৰি ,উঠি যাব পাৰে ৷
“ছাৰ এইবাৰ ভাওনা বোলে বাহিৰৰ পৰা আনিব ৷পাইজ পোৱা পাৰ্টি হেনো ৷”তোলনৰ কথাত হয়ভৰ দিবলৈ নৌ পাওতেই সি পুনৰ ক’লে “মই আকৌ বহুত দিন এইফালে অহাই নাই নহয় ৷হাজৰিকা দোকানী কাইদেৱেহে খবৰ পঠালে বোলে বাঁহ –চাঁহ কি লাগে যোগাৰ দিবিহি আকৌ ৷”
বাতৰি কাকতৰ হেডলাইনৰ পৰা দৃষ্টি পিছলিল এইবাৰ ৷পোনপটীয়া ভাবে বৰুৱাই তোলনলৈ চাই সুধিলে-“কি নাম ভাওনাৰ ?”
গুৰৰ ৰসগোল্লা স’তে বৰুৱানীয়ে আগবঢ়াই দিয়া চাহৰ গিলাচটো আথেবেথে হাতত তুলি তোলনে ক’লে-“জতুগৃহ ৷”
No comments:
Post a Comment