(১৮ মাৰ্চ’ ২0১১ ত , NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত ‘ কবিতাৰ এসন্ধ্যা’ অনুস্থানত পাঠ কৰা কবিতা )
সৌ সিদিনা চহৰ খনে অন্তিমবাৰৰ বাবে শুইছিল
সাগৰখন সেই প্ৰথম দেখাৰ দৰেই আছিল
গভীৰ নীলা,
যাৰ নিলীমতাত, বিস্তীৰ্ণ বিশালতাত
ডুবিব খোজে সকলোৱে ৷
হঠাত যেন প্ৰচণ্ড হাতুৰিৰ কোৱত
চপৰা চপৰে খহিব ধৰিল
মেঘ ,সপোন আৰু সপোন ৷
নেগুৰ ছিগা কোৱাল সুতত,
উটিব লাগিল আশাৰ সেউজীয়া মহোৎসৱ ৷
কাণ তাল মৰা চিঁঞৰ আৰ্তনাদত
ক’ত শত আকুতি
জীয়াই থকাৰ হেপাহ ৷
উটি অহা হেঁপাহৰ ঘৰখনত কেচুৱাৰ কান্দোন ৷
নিমিষতে ছিন্ন ভিন্ন হল সপোনৰ তাঁতশাল ৷
পানীৰ সোঁতে সোঁতে উটি ভাহি গৈ থাকিল
----- সভ্যতাৰ চানেকি ৷
হায় !
জীৱ শ্ৰেষ্ঠ মানুহ,
প্ৰকৃতিৰ কাষত তুমি কিমান অসহায় !
বিজ্ঞান প্ৰযুক্তিৰে বিশ্বৰ দৰবাৰত
দপ দপাই থকা এই সভ্যতা ,
কিমান অসহায় !
প্ৰকৃতি তোমাৰ কাষত ?
সেয়ে আজি এনেকৈয়ে গৃহীত হওক
দুখৰ শোকৰ এক ৰাজহুৱা প্ৰস্তাৱ ৷
---নিজৰা গগৈ---
No comments:
Post a Comment