Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Tuesday, 21 February 2012

পৃথিবীৰ স্বাধীন নাগৰিকৰ জ্ঞাতাৰ্থে


হেমন্ত চাংমাই


কেৱল নিষেধাজ্ঞা জাৰি কৰা এখন দেশৰ মই
নিৰ্যাতিতা নাগৰিক ৷ সমস্যা বুলি কোনো কথা নাই
এইখন দেশত ৷ নিষেধাজ্ঞা জাৰি কৰিলেই
সকলো সমস্যা মুহূৰ্ততে সমাধান ৷
সত্যৰ নামত শপত খোৱাটো ইয়াত নিষিদ্ধ
মূৰ তুলি কথা কোৱাটো নিষিদ্ধ
মুকলি ঠাইত সভা পতা নিষিদ্ধ
ৰাজপথত শোভাযাত্ৰা কৰা নিষিদ্ধ
বুকু উদঙাই কথা পতা নিষিদ্ধ
মুক্ত কন্ঠে গান গোৱা নিষিদ্ধ
মুকলি ভাৱে ফুৰা চকা কৰা নিষিদ্ধ
মটৰ বাইকত দুজন উঠা নষিদ্ধ
বজাৰ সমাৰত দৰ দাম কৰা নিষিদ্ধ
দুৰ্নীতিৰ প্ৰতিবাদ কৰা নিষিদ্ধ
চোৰক চোৰ বোলা নিষিদ্ধ
ডকাইক ডকাইত বোলা নিষিদ্ধ
মহামাৰীত চিকৎসা বিচৰা নিষিদ্ধ
বানপানীত ৰিলিফ বিচৰা নিষিদ্ধ
বাতৰি কাকতত সঁচা লিখা নিষিদ্ধ
ৰজা ঘৰত বিচাৰ বিচৰা নিষিদ্ধ
ভোকত ভাত বিচৰা
পিয়াহত পানী বিচৰা
সুখৰ দিনত হঁহা
দুখৰ দিনত কন্দা
এই সকলোবোৰ ইয়াত এতিয়া নিষিদ্ধ ৷
কেৱল নিষেধাজ্ঞা জাৰি কৰা এইখন দেশত
বন্দুক বাৰুদেৰে পোহ পাল দিয়ে স্বাধীনতা
টেটুত চেপি বিৰাজ কৰোৱা হয় শান্তি ৷ 

হে পৃথিৱীৰ স্বাধীন নাগৰিক
কেৱল নিষধাজ্ঞা জাৰি কৰা এখন দেশৰ
নিৰ্যাতিতা নাগৰিক হিচাবে
এইখিনি কথা
তোমালোকৰ জ্ঞাতাৰ্থে অবগত কৰিলোঁ ৷

Wednesday, 8 February 2012

হাফপৰ্দা

(১৮ মাৰ্চ ২0১১ ত , NRC- AGBP ৰ  সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত  কবিতাৰ এসন্ধ্যা অনুস্থানত পাঠ কৰা কবিতা )


হাফপৰ্দা আছেনে তোমাৰ? জিঞা পাখিহেন কাপোৰৰ এক দশমিক দুই শূণ্য মিটাৰৰ সঠিক মাপৰ এখন পৰ্দা বগলী পাখি হেন বগা ঢকঢকীয়া আভিজাত্যৰ চাপ গৰকি অহা এখন পৰ্দা আৰিবা---
খিৰিকিৰ পদাৰ আধা জোখত
আৰি দিবা তোমাৰ কোঠাবোৰত
নালাগে     দাঙি চাব
ভিতৰৰ পৰাই চোৱা মন গৈছে যদি
বাহিৰৰ পৰা ?    কোনেও নেদেখে তোমাক
ঢাকি ৰাখিব তোমাৰ আধা ছবি
কোনে আজিকালি উদং কৰি বিলায়
নিজৰ ধন, প্ৰম অঠবা মানৱীয়তা
সকলোতে কেৱল ছান কাঢি খোৱা নীতি 
মইও আৰিছো এখন পৰ্দা
যিয়ে বাহিৰৰ ৰদ বতাহ ভাগ কৰে আধা অধা
যাৰ আৰত গঢি তোলো
মানুহৰ সৈতে সীমিত ঘনিয্ঠতা
সু্ৰক্ষিত কৰে ভিতৰৰ বতাহ
সাময়িক কিছু পৰচৰ্চা
ইপাৰ-সিপাৰ দেখা আস্বাদানৰ আৰত
সুৰক্ষিত কৰো ঘৰৰ গোপনীয়তা
হাফপৰ্দা হাফপৰ্দা
উদং কৰি চাবলৈ লাগে লাজ
সেয়েহে,হাফপৰ্দা
আধুনিকতাৰ অন্য সাজ

                                                                                 
                                                 - বৰ্ণালী চেতিয়া গগৈ -


Tuesday, 7 February 2012

খোৱামেজত

(১৮ মাৰ্চ ২0১১ ত , NRC- AGBP ৰ  সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত  কবিতাৰ এসন্ধ্যা অনুস্থানত পাঠ কৰা কবিতা )

খোৱামেজত তোৰ বাবে চকী পাৰি থৈছো
সৌকন তই ভালপোৱা কুড়ি মাছৰ জোল
ফলা মগুমাহ দি বৰ যতনকে বনাইছো
চকীখনত থৈ দিছো এটা মোলায়েম কুচন
আৰু এইখন তোৰেই পুৰণা গামোচা
মুখ-হাতখন ধুই মুচিব পৰাকৈ
সমুখৰ চকীখন মোৰ বাবে
মোৰ দুচকুত চকু থৈ তই হাঁহিবি
শুকান বালিচৰ জীপাল কৰিবি
পিছে তই বাৰু ইমান পলম কৰিছ কিয়?
আগতেতো সময়ৰ হেৰ-ফেৰ নকৰিছিলি কেতিয়াও
অলপ মান খৰখেদা কৰ
তোৰ গাৰ গোন্ধটোৱে যে মোক বাৰুকৈয়ে আমনি কৰিছে
                                                                                                      
                                                                                               -- প্ৰণামী গোস্বামী --

Monday, 6 February 2012

চুনামি

(১৮ মাৰ্চ ২0১১ ত , NRC- AGBP ৰ  সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত  কবিতাৰ এসন্ধ্যা অনুস্থানত পাঠ কৰা কবিতা )


সৌ সিদিনা চহৰ খনে অন্তিমবাৰৰ বাবে শুইছিল
সাগৰখন সেই প্ৰথম দেখাৰ দৰেই আছিল
গভীৰ নীলা,
যাৰ নিলীমতাত, বিস্তীৰ্ণ বিশালতাত
ডুবিব খোজে সকলোৱে ৷
চহৰখনে নাজানিছিল এইয়াই তাৰ শেয ৰজনী বুলি ৷
হঠাত যেন প্ৰচণ্ড হাতুৰিৰ কোৱত
চপৰা চপৰে খহিব ধৰিল
মেঘ ,সপোন আৰু সপোন ৷
নেগুৰ ছিগা কোৱাল সুতত,
উটিব লাগিল আশাৰ সেউজীয়া মহোৎসৱ ৷
কাণ তাল মৰা চিঁঞৰ আৰ্তনাদত
ক’ত শত আকুতি
জীয়াই থকাৰ হেপাহ ৷
উটি অহা হেঁপাহৰ ঘৰখনত কেচুৱাৰ কান্দোন ৷
নিমিষতে ছিন্ন ভিন্ন হল সপোনৰ তাঁতশাল ৷
পানীৰ সোঁতে সোঁতে উটি ভাহি গৈ থাকিল
----- সভ্যতাৰ চানেকি  ৷
হায় !
জীৱ শ্ৰেষ্ঠ মানুহ,
প্ৰকৃতিৰ কাষত তুমি কিমান অসহায় !
বিজ্ঞান প্ৰযুক্তিৰে বিশ্বৰ দৰবাৰত
দপ দপাই থকা এই সভ্যতা ,
কিমান অসহায় !
প্ৰকৃতি তোমাৰ কাষত ?
সেয়ে আজি এনেকৈয়ে গৃহীত হওক
দুখৰ শোকৰ এক ৰাজহুৱা প্ৰস্তাৱ ৷

                                                                   ---নিজৰা গগৈ---

Thursday, 2 February 2012

মই অতীতক বিচাৰো


(১৮ মাৰ্চ ২0১১ ত , NRC- AGBP ৰ  সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত কবিতাৰ এসন্ধ্যা অনুস্থানত পাঠ কৰা কবিতা )


ফেঁচাই নিস্তব্ধ কৰা
মোৰ সেই ভয়াল নিশা
উৰুখা ৱালেৰে বিপদৰ নিহাৰীকা খহে
পদধ্বনি শুনো মাথো কংকালবোৰৰ
আৰু-
বতাহত কবৰৰ মৃতু চিঞঁৰ শুনি
হৰ্ঠাতে মই সাৰ পাই যাঁও ৷
নেউলে সজাগ কৰা সাপৰ নিৰ্ভূল চেতনাৰে
কিন্তু-
আন্ধাৰত নৰ –কংকালৰ কোলাহল শুনি
হিজুৰ কাঁইটত চিপজৰী লোৱা
মোৰ দু:খৰ কবিতাবোৰৰ ছন্দ ভাগে
উস: কিমান যে তেজ কবিতাৰ প্ৰতিটো ভাজত
আৰু-
সেই কবিতাৰে তিলক পিন্ধি মই
ওলাই আহো খুলি থৈ নিস্পেষনৰ
গধূৰ জিঞ্জিৰি,
মইও মিলি যাও
সেই কংকালবোৰৰ নৃত্যৰ তালে তালে
কাৰণ-
মোকো লাগে বহু শতাব্দীৰ সেতু গচকি অহা
বুৰঞ্জীৰ আদিম সভ্যতা
আৰু তাৰ পৰিচয় ৷

                                                                       --ববিতা গগৈ--