“সাতসৰী”,নীপকো ৰিক্ৰীয়েচন ক্লাৱৰ দ্বাৰা প্ৰকাশিত প্ৰথম প্ৰাচীৰ পত্ৰিকা ৷ এই প্ৰাচীৰ পত্ৰিকা খনি প্ৰকাশ পাইছিল ১৯৯৮ চনত,কিন্তু তাৰ পাছৰ পৰা পত্ৰিকা খনি প্ৰকাশ হোৱা নাছিল ৷ নীপকো ৰিক্ৰীয়েচন ক্লাৱৰ দ্বাৰা পত্ৰিকা অথবা আলোচনী প্ৰকাশ নাপালেও জন্মলগ্নৰে পৰা সাহিত্য বিভাগৰ উদ্যোগত গল্প,কবিতা আবৃতি, ৰচনা, চিত্ৰাংকন আদি প্ৰতিযোগিতা সমূহ নিয়মীয়াকৈ অনুস্থিত হৈ আহিছে ৷ এই প্ৰতিযোগিতা সমোহত যথেস্ত সংখ্যক প্ৰতিযোগীয়ে ভাগ লৈ আহিছে ৷ কিন্তু আমাৰ উদ্দেশ্য কেৱল প্ৰতিযোগিতাতে সীমাবদ্ধ হব নালাগে ৷ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত গতিশীলতা অনাৰ উদ্দেশ্যৰেই আজি আমাৰ সাহিত্য বিভাগৰ দ্বাৰা এটি ব্লগৰ সৃস্টি কৰা হৈছে ৷ ব্লগৰ নামটো প্ৰথম প্ৰাচীৰ পত্ৰিকা খনিৰ নামেৰেই নামাকৰণ কৰা হ’ল “সাতসৰী” ৷ ব্লগৰ ধাৰণাতো দিয়াৰ বাবে শ্ৰী অভিজিৎ কলিতা ডাঙৰীয়া নিশ্চয় ধন্যবাদৰ পাত্ৰ ৷ আমাৰ সকলোৰে এটা সৃষ্টিশীল মন আছে ৷ কিন্তু দৈনন্দিন ব্যস্ততা তথা সু্যোগৰ অভাবত আমাৰ সৃষ্টিশীল মনতো আমি চেপি ৰাখিব লগা হয় ৷ নীপকো ৰিক্ৰীয়েচন ক্লাৱৰ দ্বাৰা সময়ে সময়ে আয়োজন কৰা প্ৰতিযোগিতা সমোহত যথেস্ত সংখ্যক প্ৰতিভাবান সদস্য /সদস্যা আমাৰ এই বকুলনী প্ৰকল্পত থকা পৰিলক্ষিত হৈছে ৷ আমি আশা কৰিছো সৃজনীশীল তথা মনোগ্ৰাহী লেখাৰে “সাতসৰী” ক সমৃদ্দ্ধ কৰিব আৰু আমি পৰ্য্যায় ক্ৰমে “সাতসৰী”ক এখন পুৰ্নাংগ ই- আলোচনীলৈ উন্নীত কৰিব পৰা যাব ৷
বি. দ্ৰ. : অন্তৰ্জাতিক ক্ষেত্ৰত অসমীয়া লিপি তথা ভাষাৰ এই দুঃসময়ত , আমাৰ আবাসিক অঞ্চলত ইউনিক'ডৰ যোগে অসমীয়া সাহিত্যৰ চৰ্চা বৃদ্ধি পোৱা এক শুভলক্ষণ বুলি গণ্য কৰিব পাৰি | সেইপৰিপ্ৰেক্ষিতত , এটা সৰু আবাসিক এলেকাৰ পৰা এনেদৰে প্ৰকাশ পোৱা এই ব্লগটিয়ে আন লোককো ইন্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ বঢ়োৱাত সহযোগ কৰিবলৈ উৎসাহ দিব বুলি আমাৰ বিশ্বাস |
NRC আৰু AGBP ৰ বিষয়ে দুআষাৰ
AGBP বা অসম গেচ ভিত্তক শক্তি প্ৰকল্প, উজনি অসমৰ দুলিয়াজানৰ সমীপবৰ্তী এলেকাত প্ৰতিষ্ঠিত, ৰাজহুৱা খণ্ডৰ অন্তৰ্গত এক বিদ্যুৎ উৎপাদন প্ৰতিষ্ঠান | ২৯১ মেগাৱাট উৎপাদন ক্ষমতাৰ এই প্ৰকল্পটিৰ উন্মোচন হয় ১৯৯৫ চনত , আৰু তেতিয়াৰ পৰাই ই অসম তথা উত্তৰ পূৰ্বাঞ্চৰ অন্যতম সফল উদ্যোগ হিচাপে চিহ্নিত হৈ আহিছে| এই প্ৰকল্পটিত প্ৰায় ৩৫০ জন লোক প্ৰতক্ষ্য ভাবে কৰ্মৰত হলেও , পৰোক্ষ ভাবে ই সহস্ৰাধিক লোকক জীৱিকা নিৰ্বাহৰ সুবিধা দিছে| ইয়াৰ কৰ্মচাৰী সকলৰ দক্ষতা তথা নিপুন পৰিচালনাৰ বাবেই , এই প্ৰকল্পটিয়ে ইতিমধ্যে ভাৰত চৰকাৰৰ কইবাটাও গুৰু্ত্বপূৰ্ণ পূৰস্কাৰ লাভ কৰিবলৈ সহম হৈছে | এক ভিতৰুৱা অঞ্চলত স্থাপিত এই প্ৰকল্পৰ কৰ্মচাৰী আৰু পৰিয়ালবৰ্গৰ শাৰিৰীক আৰু মানসিক বিকাশৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ সামগ্ৰিক উন্নতিৰ মহান উদ্দেশ্য আগত ৰাখি নীপক' বিনোদন কেন্দ্ৰ বা Neepco Recreation Club ( NRC) ৰ প্ৰতিস্থা হৈছিল | এই উদ্দেশ্য সমূখত ৰাখি NRC য়ে জন্মলগ্নৰে পৰা আবাসিক এলেকাৰ বাসিন্দা সকলৰ মাজত খেল-ধেমালি, সাহিত্য, সুকুমাৰ কলাকে আদি কৰি বিভিন্ন প্ৰতিযোগিতা, উৎসব-পাৰ্বণ, কৰ্মশালা, প্ৰশিক্ষণ ইত্যাদিৰ আয়োজন কৰি , এই সৰু অঞ্চলটিত এক সৌহাৰ্দ্যপূৰ্ণ সাংস্কৃতিক পৰিবেশৰ সৃষ্টি কৰিছে|
এই আবাসিক অঞ্চলৰ বাসিন্দাসকলৰ মাজত সাহিত্য চৰ্চাৰ পৰিবেশক উদগনি দিবলৈ "সাতসৰী" NRC - ৰ সাহিত্য বিভাগৰ এক বিনীত প্ৰচেষ্টা | একধৰণৰ দূঃসাহস হলেও, আমাৰ সদিচ্ছাক সহৃদয় পাঠকে অলপ মৰমেৰে গ্ৰহণ কৰিলে আমি অনুপ্ৰনিত হম |
চিৰণজ্যোতি বৰুৱা -
সম্পাদক, সাহিত্য বিভাগ ,
NRC- AGBP
বকুলনি, ডিব্ৰুগড়
অসম
No comments:
Post a Comment