|
অসম গেচ ভিত্তিক শক্তি প্ৰকল্প- নীপক', বকুলনি স্থিত নীপক' ৰিক্ৰিয়েচন ক্লাবৰ সাহিত্য বিভাগৰ সৌজন্যত এই ব্লগৰ সৃষ্টি| আবাসিক অঞ্চলত থকা লোকসকলৰ সাহি্ত্য -সংস্কৃতিৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ লগতে এনে ধৰণৰ চৰ্চাক উৎসাহিত কৰি পাঠকৰ মাজলৈ আগবঢ়াই দিবৰ উদ্দেশ্যেৰে 'সাতসৰী'এই প্ৰয়াস আগবঢ়োৱা হৈছে|
Tuesday, 21 February 2012
CONTROL ON CHILDREN – HOW I FEEL.
পৃথিবীৰ স্বাধীন নাগৰিকৰ জ্ঞাতাৰ্থে
হেমন্ত চাংমাই
কেৱল নিষেধাজ্ঞা জাৰি কৰা এখন দেশৰ মই
নিৰ্যাতিতা নাগৰিক ৷ সমস্যা বুলি কোনো কথা নাই
এইখন দেশত ৷ নিষেধাজ্ঞা জাৰি কৰিলেই
সকলো সমস্যা মুহূৰ্ততে সমাধান ৷
সত্যৰ নামত শপত খোৱাটো ইয়াত নিষিদ্ধ
মূৰ তুলি কথা কোৱাটো নিষিদ্ধ
মুকলি ঠাইত সভা পতা নিষিদ্ধ
ৰাজপথত শোভাযাত্ৰা কৰা নিষিদ্ধ
বুকু উদঙাই কথা পতা নিষিদ্ধ
মুক্ত কন্ঠে গান গোৱা নিষিদ্ধ
মুকলি ভাৱে ফুৰা চকা কৰা নিষিদ্ধ
মটৰ বাইকত দুজন উঠা নষিদ্ধ
বজাৰ সমাৰত দৰ দাম কৰা নিষিদ্ধ
দুৰ্নীতিৰ প্ৰতিবাদ কৰা নিষিদ্ধ
চোৰক চোৰ বোলা নিষিদ্ধ
ডকাইক ডকাইত বোলা নিষিদ্ধ
মহামাৰীত চিকৎসা বিচৰা নিষিদ্ধ
বানপানীত ৰিলিফ বিচৰা নিষিদ্ধ
বাতৰি কাকতত সঁচা লিখা নিষিদ্ধ
ৰজা ঘৰত বিচাৰ বিচৰা নিষিদ্ধ
ভোকত ভাত বিচৰা
পিয়াহত পানী বিচৰা
সুখৰ দিনত হঁহা
দুখৰ দিনত কন্দা
এই সকলোবোৰ ইয়াত এতিয়া নিষিদ্ধ ৷
কেৱল নিষেধাজ্ঞা জাৰি কৰা এইখন দেশত
বন্দুক বাৰুদেৰে পোহ পাল দিয়ে স্বাধীনতা
টেটুত চেপি বিৰাজ কৰোৱা হয় শান্তি ৷
হে পৃথিৱীৰ স্বাধীন নাগৰিক
কেৱল নিষধাজ্ঞা জাৰি কৰা এখন দেশৰ
নিৰ্যাতিতা নাগৰিক হিচাবে
এইখিনি কথা
তোমালোকৰ জ্ঞাতাৰ্থে অবগত কৰিলোঁ ৷
Friday, 10 February 2012
Wednesday, 8 February 2012
হাফপৰ্দা
(১৮ মাৰ্চ’ ২0১১ ত , NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত ‘ কবিতাৰ এসন্ধ্যা’ অনুস্থানত পাঠ কৰা কবিতা )
- বৰ্ণালী চেতিয়া গগৈ -
হাফপৰ্দা আছেনে তোমাৰ? জিঞা পাখিহেন কাপোৰৰ এক দশমিক দুই শূণ্য মিটাৰৰ সঠিক মাপৰ এখন পৰ্দা ৷ বগলী পাখি হেন বগা ঢকঢকীয়া ৷ আভিজাত্যৰ চাপ গৰকি অহা এখন পৰ্দা আৰিবা---
খিৰিকিৰ পদাৰ আধা জোখত
নালাগে দাঙি চাব ৷
ভিতৰৰ পৰাই চোৱা ৷ মন গৈছে যদি
বাহিৰৰ পৰা ? কোনেও নেদেখে তোমাক
ঢাকি ৰাখিব তোমাৰ আধা ছবি ৷
কোনে আজিকালি উদং কৰি বিলায়
নিজৰ ধন, প্ৰম অঠবা মানৱীয়তা
সকলোতে কেৱল ছান কাঢি খোৱা নীতি ৷
মইও আৰিছো এখন পৰ্দা ৷
যিয়ে বাহিৰৰ ৰদ বতাহ ভাগ কৰে আধা অধা ৷
যাৰ আৰত গঢি তোলো
মানুহৰ সৈতে সীমিত ঘনিয্ঠতা ৷
ই সু্ৰক্ষিত কৰে ভিতৰৰ বতাহ
সাময়িক কিছু পৰচৰ্চা
ইপাৰ-সিপাৰ দেখা আস্বাদানৰ আৰত
সুৰক্ষিত কৰো ঘৰৰ গোপনীয়তা ৷
হাফপৰ্দা হাফপৰ্দা
উদং কৰি চাবলৈ লাগে লাজ
সেয়েহে,হাফপৰ্দা
আধুনিকতাৰ অন্য সাজ ৷
- বৰ্ণালী চেতিয়া গগৈ -
Tuesday, 7 February 2012
ভ্ৰষ্ট দেৱতা
অভিজিত কলিতা
(NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা অনুষ্ঠিত২০১১ চনৰ ছুটী গল্প প্ৰতিযোগীতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত )
হঠাতে তেজ এসোঁতা মূৰলৈ উজাই যোৱা যেন লাগিল শ্যামলীৰ | কাণ দুখন গৰম গৰম হৈ গ’ল, নাকৰ পাহিত এটোপ ঘাম বিৰিঙি উঠা যেনো লাগি্ল তাইৰ | নপঢ়ো নপঢ়ো বুলি ভাবিও, চাবি দিয়া পুতলাৰ দৰে তাই বাতৰিটো পঢ়িব ধৰিলে | কাকত খনৰ দ্বিতীয় পৃষ্ঠাত চপা হৈছে খবৰটো, ছবিৰে সৈতে| “ কাজিৰঙাৰ বিলাসী ৰিজৰ্টত কম বয়সীয়া ছোৱালীৰ স’তে ধৃত ভাৰত চৰকাৰৰ উচ্চ পদস্থ বিষয়া” | লগতে প্লাবনৰ ছবি, দুজন পুলিচে দুফালৰ পৰা ধৰি আছে| সি ৰুমালেৰে মুখখন লুকুৱাবৰ চেষ্টা কৰিছিল ছাগে | পুলিচ এজনে জোৰকৈ মুখ খন উলিয়াই দিছে| মুখ খন ঢাকি থাকিলেও তাই তাক ঠিকেই চিনি পালেহেঁতেন | তেনেকুৱা উজ্জল চকু তাৰ বাদে আৰু আন কাৰ থাকিব পাৰে| অলপ বয়সৰ চাপ পৰিছে , কিন্তু একেই আছে সেই বুদ্ধিদীপ্ত চকু, ৰ’দত জিলিকি থকা তাৰ শুভ্ৰ মুখ, তাৰ জোখতকৈ অলপ বেছি পুৰুষ পুৰুষ লগা ব্যক্তিত্ব | সাংবাদিক জনে বৰ আবেগিক বাবে ৰিপৰ্টিং কৰিছে- শ্যামলীয়ে পঢ়িবৰ চেষ্টা কৰিলে “ এই বিলাসী ৰিজৰ্টখনত বিষয়া জনে আগতে বহুবাৰ এনে কাৰ্য্যত লিপ্ত হোৱা স্থানীয় লোকৰ চকুত পৰিছিল| এইবাৰ তেঁও তাত সোমাওতে ওচৰৰ ৰাইজে ৰিজৰ্ট খন বেৰি ধৰে আৰু তেওক ওলাই আহিবলৈ বাধ্য কৰে| তেঁও সেই সময়ত সম্পুৰ্ণ সুৰামত্ত অবস্থাত আছিল , আৰু তেঁও ৰাইজক অশ্লীল ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰে | লগে লগে ৰাইজ উত্তেজিত হৈ তেওক লপা থপা দিয়াৰ লগতে ৰিজৰ্ট খনৰো যঠেষ্ট ক্ষতিসাধন কৰে| ইতিমধ্যে ৰাইজে পুলিচক খবৰ দিয়াত পুলিচে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শ্ৰীপ্লাবন বৰঠাকুৰক জেল হাজোতলৈ প্ৰৰণ কৰে| উল্লেখযোগ্য যে, লগত উদ্ধাৰ হোৱা ছোৱালী জনী এটি দুখীয়া পৰিয়ালৰ আৰু তাতোতকৈ তাৎপৰ্য্যপুৰ্ণ কথা যে ছোৱালীজনী আপ্ৰাপ্তবয়স্ক; অবশ্যে পুলিচে ছোৱলীজনীকো নিজৰ জিম্মাত লয়|” শ্যামলীৰ ওকালি অহা যেন লাগিল | ছি: | যেনেতেনে তাই বাতৰিতোৰ পিছৰ অংশ পঢ়াৰ চেষ্টা কৰিলে | “ পুলিচে ইতিমধ্যে অনুসন্ধান কৰি, ছোৱালী জনীক যোগাৰ কৰি দিয়াৰ অভিযোগত গুৱাহাটীৰ মন্মথ ডেকা নামৰ এজন ঠিকাদাৰকো গ্ৰেপ্তাৰ কৰে| পুলিচৰ জেৰাত সকলো কথা স্বীকাৰ কৰি মন্মথ ডেকাই কয় যে ‘ তেও এই বিভাগটোৰ এজন ঠিকাদাৰ হিচাপে কাম পাবৰ কাৰণে ছোৱা্লী জনী যোগাৰ কৰি দিয়াতো সত্য| তেও আৰু কয় যে শ্ৰীবৰঠাকুৰৰ লগত কাম টো দিয়াৰ বিনিময়ত এনেকুৱা সুবিধা দিব লাগিব বুলি আগৰ পৰাই বুজাপৰা আছিল| তেও আগতেও বহুবাৰ শ্ৰীবৰঠাকুৰক এনে কাম কৰি দিছে বুলিও ডেকাই নিজৰ স্বীকাৰোক্তিত কয়|” আৰু পঢ়িব নোৱাৰিলে তাই ,তাৰ মানে সি সদায়? কিয় এনে কৰিলে সি? দুয়ুহাতেৰে মুৰতো খামুছি , স্থানুৰ দৰে বহি ৰ’ল শ্যামলী|
খোৱামেজত
(১৮ মাৰ্চ’ ২0১১ ত , NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত ‘ কবিতাৰ এসন্ধ্যা’ অনুস্থানত পাঠ কৰা কবিতা )
-- প্ৰণামী গোস্বামী --
খোৱামেজত তোৰ বাবে চকী পাৰি থৈছো
ফলা মগুমাহ দি বৰ যতনকে বনাইছো ৷
চকীখনত থৈ দিছো এটা মোলায়েম কুচন
আৰু এইখন তোৰেই পুৰণা গামোচা
মুখ-হাতখন ধুই মুচিব পৰাকৈ
সমুখৰ চকীখন মোৰ বাবে
মোৰ দুচকুত চকু থৈ তই হাঁহিবি
শুকান বালিচৰ জীপাল কৰিবি
পিছে তই বাৰু ইমান পলম কৰিছ কিয়?
আগতেতো সময়ৰ হেৰ-ফেৰ নকৰিছিলি কেতিয়াও
অলপ মান খৰখেদা কৰ
তোৰ গাৰ গোন্ধটোৱে যে মোক বাৰুকৈয়ে আমনি কৰিছে ৷
-- প্ৰণামী গোস্বামী --
Monday, 6 February 2012
চুনামি
(১৮ মাৰ্চ’ ২0১১ ত , NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা আয়োজিত ‘ কবিতাৰ এসন্ধ্যা’ অনুস্থানত পাঠ কৰা কবিতা )
সৌ সিদিনা চহৰ খনে অন্তিমবাৰৰ বাবে শুইছিল
সাগৰখন সেই প্ৰথম দেখাৰ দৰেই আছিল
গভীৰ নীলা,
যাৰ নিলীমতাত, বিস্তীৰ্ণ বিশালতাত
ডুবিব খোজে সকলোৱে ৷
হঠাত যেন প্ৰচণ্ড হাতুৰিৰ কোৱত
চপৰা চপৰে খহিব ধৰিল
মেঘ ,সপোন আৰু সপোন ৷
নেগুৰ ছিগা কোৱাল সুতত,
উটিব লাগিল আশাৰ সেউজীয়া মহোৎসৱ ৷
কাণ তাল মৰা চিঁঞৰ আৰ্তনাদত
ক’ত শত আকুতি
জীয়াই থকাৰ হেপাহ ৷
উটি অহা হেঁপাহৰ ঘৰখনত কেচুৱাৰ কান্দোন ৷
নিমিষতে ছিন্ন ভিন্ন হল সপোনৰ তাঁতশাল ৷
পানীৰ সোঁতে সোঁতে উটি ভাহি গৈ থাকিল
----- সভ্যতাৰ চানেকি ৷
হায় !
জীৱ শ্ৰেষ্ঠ মানুহ,
প্ৰকৃতিৰ কাষত তুমি কিমান অসহায় !
বিজ্ঞান প্ৰযুক্তিৰে বিশ্বৰ দৰবাৰত
দপ দপাই থকা এই সভ্যতা ,
কিমান অসহায় !
প্ৰকৃতি তোমাৰ কাষত ?
সেয়ে আজি এনেকৈয়ে গৃহীত হওক
দুখৰ শোকৰ এক ৰাজহুৱা প্ৰস্তাৱ ৷
---নিজৰা গগৈ---
Sunday, 5 February 2012
Subscribe to:
Posts (Atom)