(NRC- AGBP ৰ সাহিত্য বিভাগৰ দ্বাৰা অনুষ্ঠিত২০১১ চনৰ ছুটী গল্প প্ৰতিযোগীতাত দ্বিত্বীয় পুৰস্কাৰ প্ৰাপ্ত )
“ছাৰ বহিছে? ’’ বতাহৰ বোকোচাত উঠি অহা চিনাকী মাতত বাতৰি কাকতৰ পৰা মূৰ নদঙাকৈয়ে বৰুৱাই ‘অঁ’ বুলি দীঘলীয়া সহাঁৰি দি সামৰিব খুজিছিল ৷তৰিৎ গতিত মনলৈ আহিল “এইটোচোন তোলনৰ মাত’’৷আজি কিছুদিনৰ আগতে হাজৰীকা দোকানিয়ে তাৰ সম্পৰ্কত কৰা মন্তব্যই বৰুৱা দম্পতীৰ মনত তোলনৰ প্ৰতি অৱজ্ঞাৰ ভাৱ আনি দিছিল ৷পুনৰ তোলনৰ আগমনে বৰুৱাক ভাবিবলৈ বাধ্য কৰালে “ইহঁতবোৰ এনেকুৱাই’’৷
“কিবা ল’বানেকিহে ? তোলন আহিছে ৷’’ যিমান পাৰি নিলিৰ্প্ততাৰে বৰুৱাই ভিতৰলৈ খবৰটো পঠালে যাতে বৰুৱানিয়ে খবৰটো সাধাৰণ ভাৱে লয় ৷ মাতি নপঠালেও তোলনৰ শাক পাচলিৰ বজাৰখন পোন প্ৰথমে বৰুৱাৰ দুৱাৰমুখতে ৰয়হি ৷ ঘৰৰ বাৰীত হোৱা শাক পাচলী কেইটামান ,জাক দি পকোৱা কল দুআশী,কলডিল এটা,মৰিছা এমুঠি হৰেক ৰকমৰ ৰঙেৰে ৰঙীন যেন জলকীয়া কেইটা হাতত লৈ বৰুৱানী ভিতৰ সোমায় ৷চাহকাপ হয় মানে তোলনে বস্তকেইপদ সামৰি পাচলীৰ হিচাপটো বৰুৱাক দিয়ে ৷কেতিয়াবা খুচুৰাৰ অভাৱত দহ পোন্ধৰ টকা বাদ পৰে,হয় তোলনে দিবলৈ থাকে বা কেলেণ্ডাৰখনৰ চুকতে লিখি ৰাখে—১৫ টকা তোলনক দিব লাগিব, লগতে সেই দিনাৰ তাৰিখটো ৷ বৰুৱানীয়ে দিয়া চাহকাপ খাই তোলনৰ দিনটোলৈ যাত্ৰা আৰম্ভ ৷


