Tuesday 21 February 2012

পৃথিবীৰ স্বাধীন নাগৰিকৰ জ্ঞাতাৰ্থে


হেমন্ত চাংমাই


কেৱল নিষেধাজ্ঞা জাৰি কৰা এখন দেশৰ মই
নিৰ্যাতিতা নাগৰিক ৷ সমস্যা বুলি কোনো কথা নাই
এইখন দেশত ৷ নিষেধাজ্ঞা জাৰি কৰিলেই
সকলো সমস্যা মুহূৰ্ততে সমাধান ৷
সত্যৰ নামত শপত খোৱাটো ইয়াত নিষিদ্ধ
মূৰ তুলি কথা কোৱাটো নিষিদ্ধ
মুকলি ঠাইত সভা পতা নিষিদ্ধ
ৰাজপথত শোভাযাত্ৰা কৰা নিষিদ্ধ
বুকু উদঙাই কথা পতা নিষিদ্ধ
মুক্ত কন্ঠে গান গোৱা নিষিদ্ধ
মুকলি ভাৱে ফুৰা চকা কৰা নিষিদ্ধ
মটৰ বাইকত দুজন উঠা নষিদ্ধ
বজাৰ সমাৰত দৰ দাম কৰা নিষিদ্ধ
দুৰ্নীতিৰ প্ৰতিবাদ কৰা নিষিদ্ধ
চোৰক চোৰ বোলা নিষিদ্ধ
ডকাইক ডকাইত বোলা নিষিদ্ধ
মহামাৰীত চিকৎসা বিচৰা নিষিদ্ধ
বানপানীত ৰিলিফ বিচৰা নিষিদ্ধ
বাতৰি কাকতত সঁচা লিখা নিষিদ্ধ
ৰজা ঘৰত বিচাৰ বিচৰা নিষিদ্ধ
ভোকত ভাত বিচৰা
পিয়াহত পানী বিচৰা
সুখৰ দিনত হঁহা
দুখৰ দিনত কন্দা
এই সকলোবোৰ ইয়াত এতিয়া নিষিদ্ধ ৷
কেৱল নিষেধাজ্ঞা জাৰি কৰা এইখন দেশত
বন্দুক বাৰুদেৰে পোহ পাল দিয়ে স্বাধীনতা
টেটুত চেপি বিৰাজ কৰোৱা হয় শান্তি ৷ 

হে পৃথিৱীৰ স্বাধীন নাগৰিক
কেৱল নিষধাজ্ঞা জাৰি কৰা এখন দেশৰ
নিৰ্যাতিতা নাগৰিক হিচাবে
এইখিনি কথা
তোমালোকৰ জ্ঞাতাৰ্থে অবগত কৰিলোঁ ৷

No comments:

Post a Comment