Saturday 12 May 2012

সম্পাদকীয়


সাতসৰী,নীপকো ৰিক্ৰীয়েচন ক্লাৱৰ দ্বাৰা প্ৰকাশিত প্ৰথম প্ৰাচীৰ পত্ৰিকা ৷ এই প্ৰাচীৰ পত্ৰিকা খনি প্ৰকাশ পাইছিল ১৯৯৮ চনত,কিন্তু তাৰ পাছৰ পৰা পত্ৰিকা খনি প্ৰকাশ হোৱা নাছিল ৷ নীপকো ৰিক্ৰীয়েচন ক্লাৱৰ দ্বাৰা পত্ৰিকা অথবা আলোচনী প্ৰকাশ নাপালেও জন্মলগ্নৰে পৰা সাহিত্য বিভাগৰ উদ্যোগত গল্প,কবিতা আবৃতি, ৰচনা, চিত্ৰাংকন আদি প্ৰতিযোগিতা সমূহ নিয়মীয়াকৈ অনুস্থিত হৈ আহিছে ৷ এই প্ৰতিযোগিতা সমোহত যথেস্ত সংখ্যক প্ৰতিযোগীয়ে ভাগ লৈ আহিছে ৷ কিন্তু আমাৰ উদ্দেশ্য কেৱল প্ৰতিযোগিতাতে সীমাবদ্ধ হব নালাগে ৷ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত গতিশীলতা অনাৰ উদ্দেশ্যৰেই আজি আমাৰ সাহিত্য বিভাগৰ দ্বাৰা এটি ব্লগৰ সৃস্টি কৰা হৈছে ৷ ব্লগৰ নামটো প্ৰথম প্ৰাচীৰ পত্ৰিকা  খনিৰ নামেৰেই নামাকৰণ কৰা হসাতসৰী ৷ ব্লগৰ ধাৰণাতো দিয়াৰ বাবে শ্ৰী অভিজিৎ কলিতা ডাঙৰীয়া নিশ্চয় ধন্যবাদৰ পাত্ৰ ৷ আমাৰ সকলোৰে এটা সৃষ্টিশীল মন আছে ৷ কিন্তু দৈনন্দিন ব্যস্ততা তথা সু্যোগৰ অভাবত আমাৰ  সৃষ্টিশীল  মনতো আমি চেপি ৰাখিব লগা হয় ৷ নীপকো ৰিক্ৰীয়েচন ক্লাৱৰ দ্বাৰা সময়ে সময়ে আয়োজন কৰা প্ৰতিযোগিতা সমোহত যথেস্ত সংখ্যক প্ৰতিভাবান সদস্য /সদস্যা  আমাৰ এই বকুলনী প্ৰকল্পত থকা পৰিলক্ষিত হৈছে ৷ আমি আশা কৰিছো সৃজনীশীল তথা মনোগ্ৰাহী লেখাৰে সাতসৰী ক সমৃদ্দ্ধ কৰিব আৰু আমি পৰ্য্যায় ক্ৰমে সাতসৰী”ক  এখন পুৰ্নাংগ ই- আলোচনীলৈ উন্নীত কৰিব পৰা যাব ৷

বি. দ্ৰ. : অন্তৰ্জাতিক ক্ষেত্ৰত অসমীয়া লিপি তথা ভাষাৰ এই দুঃসময়ত , আমাৰ আবাসিক অঞ্চলত ইউনিক'ডৰ যোগে অসমীয়া সাহিত্যৰ চৰ্চা বৃদ্ধি পোৱা এক শুভলক্ষণ বুলি গণ্য কৰিব পাৰি | সেইপৰিপ্ৰেক্ষিতত ,  এটা সৰু আবাসিক এলেকাৰ পৰা এনেদৰে প্ৰকাশ পোৱা এই ব্লগটিয়ে আন লোককো ইন্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ বঢ়োৱাত সহযোগ কৰিবলৈ উৎসাহ দিব বুলি আমাৰ বিশ্বাস | 


NRC আৰু AGBP  ৰ বিষয়ে দুআষাৰ

AGBP বা অসম গেচ ভিত্তক শক্তি প্ৰকল্প,  উজনি অসমৰ দুলিয়াজানৰ সমীপবৰ্তী এলেকাত প্ৰতিষ্ঠিত, ৰাজহুৱা খণ্ডৰ অন্তৰ্গত এক বিদ্যুৎ উৎপাদন প্ৰতিষ্ঠান | ২৯১ মেগাৱাট উৎপাদন ক্ষমতাৰ এই প্ৰকল্পটিৰ উন্মোচন হয় ১৯৯৫ চনত , আৰু তেতিয়াৰ পৰাই ই অসম তথা উত্তৰ পূৰ্বাঞ্চৰ অন্যতম সফল উদ্যোগ হিচাপে চিহ্নিত হৈ আহিছে| এই প্ৰকল্পটিত প্ৰায় ৩৫০ জন লোক প্ৰতক্ষ্য ভাবে কৰ্মৰত হলেও , পৰোক্ষ ভাবে ই  সহস্ৰাধিক লোকক জীৱিকা নিৰ্বাহৰ সুবিধা দিছে| ইয়াৰ কৰ্মচাৰী সকলৰ দক্ষতা তথা নিপুন পৰিচালনাৰ বাবেই , এই প্ৰকল্পটিয়ে ইতিমধ্যে ভাৰত চৰকাৰৰ কইবাটাও গুৰু্ত্বপূৰ্ণ  পূৰস্কাৰ লাভ কৰিবলৈ সহম হৈছে | এক ভিতৰুৱা অঞ্চলত  স্থাপিত এই প্ৰকল্পৰ কৰ্মচাৰী আৰু পৰিয়ালবৰ্গৰ শাৰিৰীক আৰু মানসিক বিকাশৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ সামগ্ৰিক উন্নতিৰ মহান উদ্দেশ্য আগত ৰাখি নীপক' বিনোদন কেন্দ্ৰ বা Neepco Recreation Club ( NRC) ৰ প্ৰতিস্থা হৈছিল | এই  উদ্দেশ্য সমূখত ৰাখি NRC য়ে জন্মলগ্নৰে পৰা আবাসিক  এলেকাৰ বাসিন্দা সকলৰ মাজত খেল-ধেমালি, সাহিত্য, সুকুমাৰ কলাকে আদি কৰি বিভিন্ন প্ৰতিযোগিতা, উৎসব-পাৰ্বণ, কৰ্মশালা, প্ৰশিক্ষণ   ইত্যাদিৰ আয়োজন কৰি , এই সৰু অঞ্চলটিত এক সৌহাৰ্দ্যপূৰ্ণ সাংস্কৃতিক পৰিবেশৰ সৃষ্টি কৰিছে| 

এই আবাসিক অঞ্চলৰ বাসিন্দাসকলৰ মাজত সাহিত্য চৰ্চাৰ পৰিবেশক উদগনি দিবলৈ "সাতসৰী"  NRC - ৰ সাহিত্য বিভাগৰ এক বিনীত প্ৰচেষ্টা | একধৰণৰ দূঃসাহস হলেও, আমাৰ সদিচ্ছাক   সহৃদয় পাঠকে অলপ মৰমেৰে গ্ৰহণ কৰিলে  আমি অনুপ্ৰনিত হম |




চিৰণজ্যোতি বৰুৱা -
সম্পাদক, সাহিত্য বিভাগ ,
NRC- AGBP
বকুলনি, ডিব্ৰুগড়  
অসম 

নীপ্‌ক’ বিনোদন কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহু উৎসৱ ২০১২ বিভিন্ন প্ৰতিযোগীতাৰ ফলাফল


বিহু নাচ প্ৰতিযোগীতা
মৌ কুঁৱৰী : সকলো প্ৰতিযোগীলৈ উদগনিমূলক বটা
‘ক’ শাখা :
             প্ৰথম : জাগৃতি পৰ্ণা গগৈ
             দ্বিত্বীয় : আন্বেষা প্ৰিয়ম কলিতা
             তৃতীয় : জাহ্নৱী সোনোৱাল
‘খ’ শাখাঃ
             প্ৰথম : তৃষ্ণা চেতিয়া
             দ্বিত্বীয় : ভেৰ’নিকা গগৈ
             তৃতীয় : অংকিতা কলিতা
বিহুৱতী প্ৰতিযোগীতা
             প্ৰথম : ৰুণমী স্বৰ্গাৰী গগৈ
             দ্বিত্বীয় : চয়নিকা গগৈ
             তৃতীয় : শ্যামলী সোনোৱাল

বিহু নাম প্ৰতিযোগীতা
‘ক’ শাখা
             প্ৰথম : দেৱাশীষ চাংমাই
             দ্বিত্বীয় : জাহ্নৱী সোনোৱাল আৰু অৰুন্ধতী বুঢ়াগোঁহাই
             তৃতীয় : নৱৰঞ্জণ হালৈ
             উদগনি : সিদ্ধাৰ্থ গগৈ
‘খ’ শাখা
             প্ৰথম : দেৱজিত গগৈ
             দ্বিত্বীয় : ভেৰ’নিকা গগৈ
             তৃতীয় : তৃষ্ণা চেতিয়া

‘মুকলি’ শাখা
             প্ৰথম : প্ৰকাশ খনিকৰ
             দ্বিত্বীয় : কুঞ্জলতা গগৈ
             তৃতীয় : চেনেহী গগৈ

জেং বিহু প্ৰতিযোগীতা

             উদগনিমূলক বঁটা
             চিত-পখিলা জেং বিহু দল আৰু ৰাংঢালী ৰূপহী জেং বিহু দল

ঢোল বাদন প্ৰতিযোগীতা
‘ক’ শাখা
             প্ৰথম : ভাগ্যাশীষ গগৈ
             দ্বিত্বীয় : সিদ্ধাৰ্থ গগৈ
             তৃতীয় : মৌচম প্ৰয়াস চাংমাই

 ‘খ’ শাখা
             উদগনি : দ্বীপজ্যোতি শইকীয়া

মুকলি শাখা
             উদগনিঃ ৰমেন বৰুৱা আৰু নৃপেন বৰুৱা